Friday, September 11, 2026
HomeঅসমKhelo India Dialogue কাৰ্যসূচীক কেন্দ্ৰ কৰি দুধনৈ মহাবিদ্যালয়ত এক সংবাদমেলৰ আয়োজন

Khelo India Dialogue কাৰ্যসূচীক কেন্দ্ৰ কৰি দুধনৈ মহাবিদ্যালয়ত এক সংবাদমেলৰ আয়োজন

দেশত ক্ৰীড়া সংস্কৃতিৰ বিকাশ আৰু যুৱ প্ৰজন্মক ক্ৰীড়াৰ সৈতে অধিক সংযুক্ত কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা Khelo India Dialogue কাৰ্যসূচীক কেন্দ্ৰ কৰি দুধনৈ মহাবিদ্যালয়ত এক সংবাদমেলৰ আয়োজন কৰা হয়।
২৯ আগষ্টত কিংবদন্তি হকী খেলুৱৈ তথা ৰাষ্ট্ৰীয় আইকণ মেজৰ ধ্যানচাদৰ জন্মজয়ন্তীৰ লগত সংগতি ৰাখি এই বছৰ ২৭ আগষ্টত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ আয়োজন কৰা হৈছে৷ এই ক্ৰীড়া দিৱসৰ মুল ভাবধাৰা হৈছে “বিকশিত ভাৰত যুৱ কানেক্ট-স্পৰ্টচ”৷
মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ললিত চন্দ্ৰ ৰাভাৰ উপস্থিতিত অনুষ্ঠিত এই সংবাদমেলত Khelo India Dialogue কাৰ্যসূচীৰ উদ্দেশ্য আৰু গুৰুত্বৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয়।
সংবাদমেলত অধ্যক্ষই কয় যে, Khelo India Dialogue হৈছে ক্ৰীড়া, যুৱ সমাজ আৰু দেশৰ ক্ৰীড়া উন্নয়নৰ সৈতে জড়িত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। ইয়াৰ জৰিয়তে খেলুৱৈ, যুৱক-যুৱতী, শিক্ষক, প্ৰশিক্ষক আৰু ক্ৰীড়াৰ সৈতে জড়িত বিভিন্ন ব্যক্তিয়ে নিজৰ মতামত আৰু অভিজ্ঞতা বিনিময় কৰাৰ সুযোগ লাভ কৰিব।
তেওঁ লগতে কয় যে, দুধনৈ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ক্ৰীড়াৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰাৰ লগতে নতুন ক্ৰীড়া প্ৰতিভাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰতো এই কাৰ্যসূচী বিশেষভাৱে সহায়ক হ’ব।
এই উপলক্ষে মহাবিদ্যালয় কৰ্তৃপক্ষই আগন্তুক দিনত Khelo India Dialogue-ৰ সৈতে জড়িত বিভিন্ন কাৰ্যসূচী আয়োজনৰ পৰিকল্পনা গ্ৰহণ কৰিছে।
কাৰ্যসূচী মৰ্মে
সংবাদমেলত মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী আৰু বিভিন্ন সংবাদ মাধ্যমৰ প্ৰতিনিধিসকল উপস্থিত থাকে। ২৭ আগষ্টৰ এই উৎসৱৰ কাৰ্যসূচী ৰাতিপুৱা ১০ বজাত আৰম্ভ হৈ ১১-১০ বজাত সামৰণি পৰিব৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments