অৱশেষত মুখ খুলিলে ছিংগাপুৰীয়া অসমীয়া সুস্মিতা গোস্বামীয়ে। ফাষ্টট্ৰেক আদালতত ৩ দিন ধৰি সাক্ষ্য প্ৰদান কৰাৰ পিছতে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিলে জুবিন গাৰ্গৰ অন্তিম মুহূৰ্তত য়টত থকা সুস্মিতা গোস্বামীয়ে। অসমীয়াৰ প্ৰাণশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ৩৫৬ দিন পিছত কেমেৰাৰ সন্মুখত মুখ খুলিলে ছিংগাপুৰীয়া অসমীয়া সুস্মিতা গোস্বামীয়ে।
সুস্মিতা গোস্বামীয়ে কয় যে ‘‘জুবিন মৃত্যুৰ সময়ছোৱাৰ বহু ভিডিঅ’ মোৰ সৈতে আছিল। এই ভিডিঅ’খিনি আদালতত দেখুৱাইছোঁ। মোৰ ভিডিঅ’ত জিঅ’ টেগ আছে আৰু লোকেচন আছে। মোৰ ভিডিঅ’খিনিৰ বহু গুৰুত্ব আছে গোচৰটোত। ছিংগাপুৰৰ আদালতত যিখিনি কৈছো ইয়াতো একেখিনি কথাকে কৈছোঁ। জুবিন গাৰ্গে কোনটো সময়ত কি কৰিছিল এইখিনি ভিডিঅ’সমূহত আছিল।’’
লগতে সুস্মিতা গোস্বামীয়ে কয় যে ‘‘ঘটনাৰ দিনা প্ৰথম ফোনকলটো মেডিকেললৈ মোৰ ফোনৰ পৰায়েই কৰা হৈছিল। সামাজিক মাধ্যমত দেখা ভিডিঅ’টো অন্তিম মুহূৰ্তৰ ভিডিঅ’ নহয়। SIT আৰু ছিংগাপুৰ আৰক্ষীকো দিছো সকলো ভিডিঅ’ৰ তথ্য। ১৯ ছেপ্টেম্বৰত সেই সময়ত সাংঘাতিক পৰিৱেশ হৈছিল। জুবিনদাৰ অসুখৰ বিষয়ে আমি জনাই নাছিলোঁ, জনা হ’লে জুবিনদাক ময়েই যাব নিদিলোঁ হয়।’’
সুস্মিতা গোস্বামীয়ে কয় যে ‘‘আগতে বেমাৰ থকা বুলি গম পোৱা হ’লে জুবিন গাৰ্গক যাবলৈ দিয়া নহ’ল হয়। অভিযুক্ত কেইজনে সেই সময়ত জুবিনক বছাবলৈ বিচাৰিছিল নে ষড়যন্ত্ৰ কৰিছিল সেয়া আদালতে বিবেচনা কৰিব। মোৰ লগত ভিডিঅ’ থকাৰ লগতে বহুতৰ হাতত আছে ভিডিঅ’। আনহাতে অভিযুক্তৰ হাততো আছে ভিডিঅ’। বিপক্ষৰ অধিবক্তাই বহু প্ৰশ্ন কৰিছে মোক কিন্তু মই সকলো স্পষ্টকৈ কৈছোঁ।’’
জুবিন গাৰ্গৰ মৃত্যুৰ ৩৫৩ দিনৰ মূৰত ফাষ্টট্ৰেক আদালতত সাক্ষ্য দিবলৈ উপস্থিত হৈছিল দ্বিতীয়গৰাকী ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া সুস্মিতা ৷ আদালতৰ চমন লাভ কৰি ৮ ছেপ্টেম্বৰৰ পুৱাই বিশেষ ফাষ্টট্ৰেক আদালতত হাজিৰ হৈছিল সুস্মিতা গোস্বামী ৷ জুবিন গাৰ্গৰ সৈতে য়ট পাৰ্টিত সেই সময়ত হাঁহি খিকিণ্ডালি কৰি উপস্থিত আছিল এইগৰাকী সুস্মিতা গোস্বামী৷ কেৱল সেয়াই নহয় অমৃতপ্ৰভা মহন্তৰ সৈতে ম’বাইলত প্ৰতিটো সময়ৰ ভিডিঅ’ কৰিছিল সুস্মিতা গোস্বামীয়ে ৷ ৮, ৯ আৰু ১০ ছেপ্টেম্বৰ তিনিদিনে সুস্মিতা গোস্বামীয়ে সাক্ষ্য প্ৰদান কৰে ফাষ্টট্ৰেক আদালতত।
