ডুমডুমাৰ শিলিখা চাহ বাগিচাত চাহ গছ উচ্ছেদ কৰি অইলৰ উদ্যোগ প্ৰতিষ্ঠাৰ পৰিকল্পনাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে অসম চাহ মজদুৰ সংঘ। চাহ বাগিচাৰ চাহ গছ উচ্ছেদ কৰি উদ্যোগ স্থাপনৰ যিকোনো প্ৰচেষ্টা কোনো কাৰণতে মানি লোৱা নহ’ব বুলি আজি স্পষ্ট কৰি দিয়ে সংগঠনটোৰ নেতৃত্বই।
চাহ জনগোষ্ঠীৰ জীৱন-জীৱিকাৰ অন্যতম সম্বল চাহ গছ উচ্ছেদৰ সিদ্ধান্ত গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰি, এনে কাৰ্য কৰিবলৈ দিয়া নহ’ব বুলিও সকীয়াই দিয়ে সংগঠনটোৱে। অন্যথা শিলিখা চাহ বাগিচাৰ ৰাইজক লগত লৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে অসম চাহ মজদুৰ সংঘৰ বিষয়ববীয়াসকলে।
উল্লেখ্য যে, শিলিখা চাহ বাগিচাত অইলৰ এটা উদ্যোগ প্ৰতিষ্ঠাৰ বাবে চাহ গছ উচ্ছেদৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছিল। কিন্তু স্থানীয় ৰাইজ আৰু আটছাৰ তৎপৰতাত এই কাৰ্যৰ পৰা বিৰত থকা দেখা যায় অইল কৰ্তৃপক্ষক।
