নতুন দিল্লীত অনুষ্ঠিত BRICS শিখৰ সন্মিলনত ভাৰতৰ ডাঙৰ কূটনৈতিক সাফল্য। দুদিনীয়া সন্মিলনৰ অন্তিম পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰে যে BRICS Joint Declaration 2026 সম্পূৰ্ণ ঐকমত্যৰ ভিত্তিত গৃহীত হৈছে। কোনো সদস্য দেশে ঘোষণাপত্ৰৰ কোনো বিষয়তে আপত্তি উত্থাপন কৰা নাই বুলি জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে।
‘নতুন দিল্লী ঘোষণাপত্ৰ ২০২৬’ সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰি মোদীয়ে কয় যে BRICSৰ সকলো সদস্য দেশৰ উমৈহতীয়া দায়বদ্ধতা এই ঘোষণাৰ জৰিয়তে অধিক স্পষ্ট হৈ পৰিছে।
প্ৰধানমন্ত্ৰীয়ে কয়, “আজিৰ আলোচনাৰ পৰা স্পষ্ট যে পৰিৱৰ্তনশীল বিশ্বক পুৰণি প্ৰতিষ্ঠানৰ জৰিয়তে পৰিচালনা কৰা সম্ভৱ নহয়। প্ৰতিনিধিত্ব, দ্ৰুত সঁহাৰি দিয়াৰ সক্ষমতা আৰু নিয়ম প্ৰণয়নৰ ক্ষেত্ৰত সংস্কাৰ অতি জৰুৰী।”
