Saturday, September 26, 2026
Homeআন্তজাৰ্তিকছিকিমৰ ছিংলিতাম পাহাৰৰ ভূমিস্খলনত ভয়াৱহ পৰিস্থিতি

ছিকিমৰ ছিংলিতাম পাহাৰৰ ভূমিস্খলনত ভয়াৱহ পৰিস্থিতি

পশ্চিম ছিক্কিমৰ ৰিম্বি গাঁৱত ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে ভূমিস্খলন আৰু আকস্মিক বান পৰিস্থিতিয়ে। ছিংলিতাম পাহাৰৰ পৰা বাৰে বাৰে খহি অহা বোকা, বালি আৰু ধ্বংসাৱশেষে কেইবাটাও ঘৰ পুতি পেলোৱাৰ লগতে বহু বাসগৃহ পানীত ডুবাই পেলাইছে।

বিগত দুদিন ধৰি অবিৰতভাৱে হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত ৰিম্বি আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত নতুনকৈ আকস্মিক বান আৰু ভূমিস্খলনৰ সৃষ্টি হৈছে। ইয়াৰ ফলত বহু বাসগৃহ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে পথ যোগাযোগো ব্যাহত হৈছে। বান আৰু ভূমিস্খলন অব্যাহত থকাৰ বাবে ৰিম্বি–ইউকছম আৰু ৰিম্বি–খেচিঅপালৰি সংযোগী পথ বৰ্তমান বন্ধ হৈ আছে।

পৰিস্থিতিৰ অৱনতি ঘটাত ইতিমধ্যে কেইবাটাও পৰিয়ালক নিজৰ ঘৰ এৰি নিৰাপদ স্থানলৈ যাবলগীয়া হৈছে। অধিকাংশ লোকে গেইজিং জিলা প্ৰশাসনে স্থাপন কৰা সাহায্য শিবিৰত আশ্ৰয় লৈছে। আন একাংশই আত্মীয়-স্বজনৰ ঘৰত আশ্ৰয় গ্ৰহণ কৰিছে।
আগষ্ট মাহৰ পৰাই অঞ্চলটোত ভূমিস্খলনৰ সমস্যা ক্ৰমাৎ বৃদ্ধি পাই আহিছে। ছিংলিতাম পাহাৰৰ ঢাল ধীৰে ধীৰে তললৈ খহি অহাৰ ফলত তলত থকা জনবসতিসমূহলৈ বিপদ নামি আহিছে। আনকি পূৰ্বতে তুলনামূলকভাৱে সুৰক্ষিত বুলি গণ্য কৰা মিট খোলাৰ ওচৰৰ ঘৰসমূহো এতিয়া বোকা, পানী আৰু ধ্বংসাৱশেষ কঢ়িয়াই অনা বানৰ কবলত পৰিছে।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments