Friday, September 11, 2026
Homeআন্তজাৰ্তিকমহাপ্ৰলয় নে মহাপ্লাৱন!

মহাপ্ৰলয় নে মহাপ্লাৱন!

হঠাৎ অহা পানীৰ ধলে তচনচ কৰি পেলালে নেপালৰ বহু অঞ্চল। এতিয়াও নেপালত সন্ধানহীন হৈ আছে হাজাৰ-হাজাৰ লোক। কিন্তু নেপালত সংহাৰ চলোৱা বানৰ আঁৰত কি আছে? কিহৰ বাবে নেপালত ভোটেকোশী নদীয়ে চলালে ধ্বংসলীলা। নেপালৰ সংঘটিত ভয়ংকৰ বানক লৈ পোহৰলৈ আহিছে বহু নতুন নতুন তথ্য। প্ৰাথমিক তথ্য অনুসৰি, প্ৰবল বৰষুণ নহয়, হিমবাহৰ বিশাল অংশ ভাঙি পৰাৰ ফলত সৃষ্টি হোৱা বৰফ, শিল, পানী আৰু ধ্বংসাৱশেষৰ প্ৰচণ্ড সোঁতই এই মহাবিপৰ্যয়ৰ সম্ভাব্য মূল কাৰণ ধাৰণা কৰা হৈছে।

হিমালয়ত প্ৰায় ২,০০০ ফুট বহল হিমবাহৰ এটা বিশাল অংশ প্ৰায় ১৭ হাজাৰ ফুট উচ্চতাৰ পৰা বিচ্ছিন্ন হৈ প্ৰায় ৪ হাজাৰ ফুট তলৰ উপত্যকাত প্ৰচণ্ড বেগেৰে খহি পৰিছিল। ইয়াৰ ফলত বৰফ, পানী, শিল আৰু ধ্বংসাৱশেষৰ ভয়ংকৰ সোঁত সৃষ্টি হয়। এই ধলৰ ফলত প্ৰথমে ল্হেণ্ডে খোলা নদীৰ গতিপথ বন্ধ কৰিছিল, তাৰ পিছতে অস্থায়ী প্ৰাকৃতিক বান্ধৰ সৃষ্টি হোৱা বুলি ধাৰণা কৰা হৈছে। বান্ধৰ আঁৰত বৃহৎ পৰিমাণৰ পানী জমা হোৱাৰ পাছত সেই অস্থায়ী বান্ধ ভাঙি যায়। তাৰ পাছতেই পানী, বোকা, বৰফ আৰু প্ৰকাণ্ড শিলৰ সোঁত তীব্ৰ বেগেৰে নামি আহিছিল ভোটেকোশী নদীলৈ।

ইয়াৰ ফলত জনবসতিৰ লগতে পথ, দলং আৰু জলবিদ্যুৎ প্ৰকল্পত ব্যাপক ক্ষয়-ক্ষতি হৈছে। ঘটনাস্থলীৰ দৃশ্য দেখি বিশেষজ্ঞসকলে পৰিস্থিতিক যেন ‘বোমা বিস্ফোৰণৰ দৰে’ বুলি বৰ্ণনা কৰিছে। বিপৰ্যয়ৰ পিছতে মৃতকৰ সংখ্যা বৃদ্ধি পায়েই আছে। ১৬০গৰাকীলৈ বৃদ্ধি পাইছে নেপালৰ জলপ্ৰলয়ত মৃতকৰ সংখ্যা। এই পৰ্যন্ত সন্ধানহীন ১৩৩গৰাকী ভাৰতীয় নাগৰিক।

৪.৪ প্ৰাবল্যৰ ভূমিকম্পৰ সৈতে সম্পৰ্ক আছে নেকি? বিপৰ্যয়ৰ সময়ৰ আশে-পাশে অঞ্চলটোত ৪.৪ প্ৰাবল্যৰ ভূমিকম্প ৰেকৰ্ড হৈছিল। ভূমিকম্পৰ জোকাৰণিৰ ফলত হিমবাহৰ বৰফ আৰু শিলৰ ধল নামিছিল নেকি, সেই বিষয়টোও বিজ্ঞানীসকলে পৰীক্ষা কৰি আছে। অৱশ্যে, ভূমিকম্পৰ ফলতে হিমবাহ ভাঙিছিল বুলি এতিয়ালৈকে নিশ্চিত হোৱা নাই। বিপৰ্যয়ৰ একক আৰু নিশ্চিত কাৰণ নিৰ্ধাৰণ কৰিবলৈ অধিক তদন্তৰ প্ৰয়োজন আছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments