Friday, September 11, 2026
Homeঅসম'নন্দিল লাহে লাহে ডাঙৰ হৈ আজিৰ দিনটোতে ২৫ বছৰ গৰকিলে'

‘নন্দিল লাহে লাহে ডাঙৰ হৈ আজিৰ দিনটোতে ২৫ বছৰ গৰকিলে’

২৫সংখ্যক জন্মদিনত পুত্ৰলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৱেগিক বাৰ্তা। আজি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সুযোগ্য পুত্ৰ নন্দিল বিশ্ব শৰ্মাৰ জন্মদিন।

সাঁচতীয়া মৰম আৰু গভীৰ অনুভৱ প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিজৰ পুত্ৰলৈ বুলি অন্তৰস্পৰ্শী শব্দেৰে এক আৱেগিক বাৰ্তা শ্বেয়াৰ কৰিছে সামাজিক মাধ্যমত।

মুখ্যমন্ত্ৰীয়ে নিজৰ মনৰ ভাব প্ৰকাশ কৰি কয় যে,

‘পুত্ৰই হয়তো সদায় পিতৃক আদৰ্শ হিচাপে চায়, কিন্তু বহু সময়ত পিতৃয়েও আঁৰৰ পৰা নিঃশব্দে নিজৰ পুত্ৰৰ পৰাই বহুখিনি অনুপ্ৰেৰণা লাভ কৰে। সেয়াও এক অনন্য আনন্দ।
নন্দিল লাহে লাহে ডাঙৰ হৈ আজিৰ দিনটোতে ২৫ বছৰ গৰকিলে। মোৰ আঙুলিত ধৰি খোজকঢ়া কণমানি ল’ৰাটো আজি মোতকৈও ওখ হৈ গ’ল। পুত্ৰ যেতিয়া বন্ধুৰ দৰে হৈ পৰে, সেয়াও সোণত সুৱগা চৰা কথা– নহয় জানো!
নন্দিলৰ এই বিশেষ দিনটোতে আজি পৰিয়ালটিয়ে সোমনাথ বাবাৰ আশীৰ্বাদ গ্ৰহণৰ সৌভাগ্য লাভ কৰিলোঁ। বাবাই তাক মংগল কৰক। সুস্বাস্থ্য, সুখ আৰু নিজৰ সপোনৰ বাটত আগুৱাই যোৱাৰ শক্তি প্ৰদান কৰক।
শুভ জন্মদিন নন্দিল। আপোনালোকেও নন্দিলক মৰম আৰু আশীৰ্বাদ জনাব।’
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments