বিশ্বনাথৰ চিলামাৰী তথা ব্ৰহ্মপুত্ৰৰ বালিচৰত উদ্ধাৰ অচিনাক্ত মৃতদেহ
বিশ্বনাথৰ চিলামাৰীস্থিত ব্ৰহ্মপুত্ৰৰ বালিচৰত উদ্ধাৰ হৈছে এজন অচিনাক্ত পুৰুষৰ মৃতদেহ।
বন বিভাগৰ দলে প্ৰথমে মৃতদেহটো প্ৰত্যক্ষ কৰি বিশ্বনাথ ঘাট নদী আৰক্ষীক অৱগত কৰে। খবৰ লাভ কৰাৰ পিছতে নদী আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।
মৃতদেহটো পুৰুষৰ বুলি জানিব পৰা গৈছে যদিও এই পৰ্যন্ত আৰক্ষীয়ে মৃতদেহটোৰ পৰিচয় নিশ্চিত কৰিব পৰা নাই।
বৰ্তমান বিশ্বনাথ ঘাট নদী আৰক্ষীৰ দলে মৃতদেহটো উদ্ধাৰ কৰি বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাত ৰাখিছে। মৃতদেহটোৰ পৰিচয় সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
