Saturday, September 26, 2026
HomeঅসমHomestayৰ বন্ধ কোঠাত নিশা প্ৰকৃততে কি ঘটিছিল?

Homestayৰ বন্ধ কোঠাত নিশা প্ৰকৃততে কি ঘটিছিল?

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ ৰহস্যজনকভাৱে মৃত্যু হোৱা ঘটনাই নতুন মোৰ লৈছে। যুৱতীগৰাকীৰ মৃত্যুৰ ঘটনাত আৰক্ষীয়ে আছিক আলী নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰাৰ লগতে ‘RUDRA’S KITCHEN’ হোমষ্টেৰ গৰাকী জয়ন্ত সাথীকো আটক কৰা বুলি জানিব পৰা গৈছে। আছিক আলী পেছাত ৰেপিড’ চালক আৰু তেওঁৰ বয়স ২৬ বছৰ বুলি জানিব পৰা গৈছে।

ঘটনাটোৰ তদন্তৰ মাজতে পোহৰলৈ অহা দণ্ডাধীশৰ INQUEST REPORTত যুৱতীগৰাকীৰ শৰীৰত আঘাতৰ চিন থকাৰ কথা উল্লেখ কৰা হৈছে বুলি জানিব পৰা গৈছে। মুখ, হাত আৰু শৰীৰৰ অন্যান্য অংশৰ লগতে মুখমণ্ডল আৰু মূৰত আঘাতৰ চিন থকাৰ কথাও উল্লেখ আছে। গোপন অংগত আঘাতৰ চিন থকাৰ দাবীও উত্থাপন হৈছে। অৱশ্যে এই আঘাতসমূহ কেনেকৈ আৰু কেতিয়া হৈছিল, সেয়া এতিয়াও তদন্তৰ বিষয়। মৃত্যুৰ প্ৰকৃত কাৰণ নিৰ্ধাৰণৰ ক্ষেত্ৰত মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন গুৰুত্বপূৰ্ণ হ’ব।

পোহৰলৈ অহা তথ্য অনুসৰি, যুৱতীগৰাকী সন্ধিয়া এগৰাকী যুৱকৰ সৈতে হোমষ্টেটোত উপস্থিত হৈছিল। দুয়োকে হোমষ্টেৰ কৰ্মচাৰীয়ে পূৰ্বেও কেইবাবাৰো দেখা পোৱাৰ কথা জানিব পৰা গৈছে। নিশা হোমষ্টেটোত দুয়োৰে মাজত সুৰাৰ পাৰ্টি চলাৰ কথাও তদন্তত পোহৰলৈ অহা বুলি জানিব পৰা গৈছে। জানিব পৰা অনুসৰি এখন প্লেট ভাত আৰু কণীৰ তৰকাৰী অৰ্ডাৰ কৰিছিল বুলিও জানিব পৰা গৈছে। ইয়াৰ পাছত নিশা প্ৰায় ২ বজাত আছিক আলীয়ে হোমষ্টেৰ ৰান্ধনিক দুৱাৰত ঢকিয়াই জগাইছিল বুলি জানিব পৰা গৈছে।

ইফালে, যুৱতীগৰাকীৰ পিতৃয়ে সংবাদ মাধ্যমৰ আগত কৰা দাবী অনুসৰি, নিশা প্ৰায় ২ বজাত যুৱতীগৰাকীয়ে মাতৃলৈ ফোন কৰিছিল। পিতৃৰ ভাষ্য অনুসৰি, ফোনত যুৱতীগৰাকীয়ে কৈছিল, “মা, ইহঁতে মোক বুকুত গুৰিয়াইছে। উশাহ ল’ব পৰা নাই।” ইয়াৰ পাছতে ফোনটো কাটি যায়। ফোনৰ সিমূৰত দুই-তিনিজন যুৱকৰ কথোপকথন শুনা গৈছিল বুলিও পৰিয়ালে দাবী কৰিছে।কিছু সময় পাছতে যুৱতীগৰাকীৰ ম’বাইল ফোনটো ছুইটচ অফ হৈ পৰে। যোগাযোগ কৰিব নোৱাৰি উদ্বিগ্ন হৈ পৰা পৰিয়ালে আৰক্ষীক খবৰ দিয়ে। পৰিয়ালৰ খবৰ লাভ কৰাৰ পাছত আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰে। ইয়াৰ মাজতে গড়লস্থিত ‘RUDRA’S KITCHEN’ৰ পৰা সংকটজনক অৱস্থাত যুৱতীগৰাকীক উদ্ধাৰ কৰা হয় বুলি জানিব পৰা গৈছে।

তেওঁক প্ৰথমে গড়ল PHEলৈ নিয়া হৈছিল আৰু পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে GMCHলৈ স্থানান্তৰ কৰা হৈছিল। কিন্তু GMCHত চিকিৎসকে যুৱতীগৰাকীক মৃত ঘোষণা কৰে। নিশা প্ৰায় ৩ বজাত এম্বুলেঞ্চযোগে তেওঁক হাস্পতাললৈ নিয়া হৈছিল বুলি জানিব পৰা গৈছে। এম্বুলেঞ্চখন ‘জোন’ নামৰ এজনে ফোন কৰি মাতিছিল বুলি জানিব পৰা গৈছে। সেই সময়ত আছিক আলীও যুৱতীগৰাকীৰ সৈতে আছিল বুলি জানিব পৰা গৈছে।

যুৱতীগৰাকীৰ পিতৃয়ে আৰক্ষীৰ তদন্তক লৈও প্ৰশ্ন উত্থাপন কৰিছে। তেওঁৰ অভিযোগ, ঘটনাটোৰ উচিত তদন্ত এতিয়াও হোৱা নাই। পিতৃৰ ভাষ্য অনুসৰি, সন্ধিয়া প্ৰায় ৫ বজাত যুৱতীগৰাকী ঘৰৰ পৰা ওলাই গৈছিল। খাবলৈ যোৱাৰ কথা কৈ ওলাই যোৱা যুৱতীগৰাকীয়ে পাছত বান্ধৱীৰ সৈতে হোষ্টেলত থকাৰ কথা পৰিয়ালক জনাইছিল বুলি পিতৃয়ে প্ৰকাশ কৰিছে। পিতৃয়ে অভিযোগ কৰে যে, ২২ বছৰে ডাঙৰ-দীঘল কৰা ছোৱালীজনীৰ মৃত্যুৰ ঘটনাৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাঁচ বছৰীয়া সংহত পাঠ্যক্ৰমৰ স্নাতক শ্ৰেণীৰ ছাত্ৰী আছিল যুৱতীগৰাকী। তেওঁৰ আকস্মিক মৃত্যুক লৈ এতিয়া কেইবাটাও প্ৰশ্নৰ সৃষ্টি হৈছে। নিশা হোমষ্টেত প্ৰকৃততে কি ঘটিছিল? যুৱতীগৰাকীৰ শৰীৰত আঘাতৰ চিন কেনেকৈ আহিল? নিশা ২ বজাত ফোন কৰাৰ সময়ত তেওঁৰ সৈতে কোন কোন আছিল? ফোনকলৰ পাছত কিয় বন্ধ হৈ পৰিছিল ম’বাইল ফোন?আছিক আলী আৰু যুৱতীগৰাকীৰ সৈতে হোমষ্টেত আন কোনো লোক আছিল নেকি? মৃত্যুৰ আঁৰত প্ৰকৃত কাৰণ কি?

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments