Saturday, November 28, 2026
Homeঅসমচেঙা নৱোদয় ক্লাবৰ ৫১ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

চেঙা নৱোদয় ক্লাবৰ ৫১ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

তফিকুৰ ৰহমান, সৰ্থেবাৰী, ২৬ ছেপ্টেম্বৰঃ বৰপেটা জিলাৰ চেঙা গাঁৱৰ চেঙা নৱৱোদয় ক্লাবৰ ৫১ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা ৭-৩০ বজাত পতাকা উত্তোলন কৰে চেঙা নৱোদয় ক্লাবৰ সভাপতি গৌতম পাঠকে।

পতাকা উত্তোলন কাৰ্যসূচীত বান্দালী সত্ৰৰ সত্ৰাধিকাৰ দ্বিজেন্দ্ৰনাথ গোস্বামী, চেঙা ঐক্য সন্মিলনৰ সভাপতি অজিত দাস, চেঙা কৃষ্ণ মন্দিৰ নিৰ্মাণ সমিতিৰ সভাপতি বিনোদ বৰ্মনৰ উপৰি কেইবাগৰাকীও বিশিষ্ট লোক উপস্থিত থাকে। ইয়াৰ পাছতেই স্মৃতি তৰ্পণ কাৰ্যসূচী ৰূপায়ন কৰা হয়। স্মৃতি তৰ্পণ কাৰ্যসূচী মুকলি কৰে ক্লাবৰ সম্পাদক দিলীপ কুমাৰ বৰ্মাই। ক্লাবৰ প্ৰতিষ্ঠাকালৰ লগত জৰিত তথা ক্লাবৰ মৃত কৰ্মকৰ্তাসকলক এই স্মৃতি তৰ্পণ কাৰ্যসূচীত ক্লাবৰ বিষয়ববীয়া আৰু সদস্যসকল উপস্থিত থাকি স্মৰণ কৰে। চেঙা নৱোদয় ক্লাবৰ ৫১ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সন্ধিয়া ৫-৩০ বজাত ৫১ গছি বন্তি প্ৰজ্বলন কৰা হয়। সন্ধিয়া ৬ বজাত স্থানীয় চিলাৰায় মহিলা নামদলে থিয়নাম প্ৰদৰ্শন কৰে। চিলাৰায় মহিলা নামদলৰ থিয়নামে দৰ্শকক আপ্লুত কৰি তোলে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments