Tuesday, September 29, 2026
Homeঅসমজামিন লাভ কৰিলে জুবিন গাৰ্গৰ ২ দেহৰক্ষীয়ে

জামিন লাভ কৰিলে জুবিন গাৰ্গৰ ২ দেহৰক্ষীয়ে

জুবিন গাৰ্গ হত্যাৰ গোচৰৰ ডাঙৰ খবৰ। জুবিন গাৰ্গৰ মৃত্যুৰ এবছৰ পিছতে জামিন পালে জুবিন গাৰ্গ হত্যাৰ গোচৰৰ দুই অভিযুক্তই।জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাই জামিন লাভ কৰিছে। আয়বৰ্হিভূত সম্পত্তিৰ গোচৰত দুয়োগৰাকী দেহৰক্ষীৰ জামিন আবেদন মঞ্জুৰ কৰিছে বিশেষ ন্যায়াধীশৰ আদালতে।

দুয়োগৰাকী দেহৰক্ষীৰ পক্ষৰ পৰা আদালতত যুক্তি দিয়া হয় যে তদন্তকাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰৰ ক্ষেত্ৰত প্ৰয়োজনীয় নীতি-নিয়ম অনুসৰণ কৰা নাছিল। তদন্তকাৰী আৰক্ষীৰ এই প্ৰক্ৰিয়াগত ভুলৰ বাবেই আদালতে জামিন পালে দুয়োগৰাকীয়ে।অৱশ্যে জামিন লাভ কৰিলেও পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাই এতিয়াই কাৰাগাৰৰ পৰা মুকলি হ’ব নোৱাৰিব। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰতো দুয়োগৰাকী কাৰাবন্দী হৈ আছে।

সেয়ে আয়বৰ্হিভূত সম্পত্তিৰ গোচৰত জামিন লাভ কৰিলেও জুবিন গাৰ্গ হত্যাৰ গোচৰত কাৰাগাৰতেই থাকিব লাগিব দুয়োগৰাকী। বিগত বৰ্গৰ ১০ অক্টোবৰত অসম আৰক্ষীৰ CIDএ গ্ৰেপ্তাৰ কৰিছিল জুবিন গাৰ্গৰ ২ PSO পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাই। বৰ্তমান বাক্সাৰ নিকাচী কাৰাগাৰতে আছে দুই অভিযুক্ত।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments