শিলচৰৰ পৰা সুৰজিৎ চক্ৰৱৰ্তীৰ ৰিপ’ৰ্ট: অসম বিশ্ববিদ্যালয়ত সফলভাবে সম্পন্ন হ’ল পাঁচদিনীয়া আৰবী ভাষা শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচী।
আৰবী ভাষা শিক্ষকসকলৰ পেছাগত দক্ষতা আৰু আধুনিক ভাষা-শিক্ষণ পদ্ধতিৰ উন্নয়নৰ লক্ষ্যেৰে আসাম বিশ্ববিদ্যালয়ৰ আৰবী বিভাগ আৰু চৌদি আৰবৰ ৰিয়াদভিত্তিক “এৰাবিক ফৰ অল”ৰ সহযোগত এই প্ৰশিক্ষণ কাৰ্যসূচী আয়োজন কৰা হয়।
প্ৰশিক্ষণৰ শুভাৰম্ভ হয় পবিত্ৰ আল-কোৰআন পাঠেৰে। তাৰ পিছত অসমীয়া গামোচা, ফুলৰ থোপা, কাশ্মিৰী শ্বাল আৰু বিশেষ মমেণ্টোৰে অতিথিক আদৰণি জনায় আৰবী বিভাগৰ শিক্ষকসকলে।
প্ৰতিদিনে পুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজালৈ চলা এই প্ৰশিক্ষণত ৰিচোৰ্চ পাৰ্চন হিচাপে উপস্থিত আছিল চৌদি আৰবৰ “এৰাবিক ফৰ অল”ৰ অভিজ্ঞ প্ৰশিক্ষক মি: আওৱাধ বিন আলি বিন মহম্মদ আল জুমাহ।
তেওঁ কিং চৌদ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু উম্মুল কুৰা বিশ্ববিদ্যালয়ৰ পৰা অনা-আৰবীভাষীৰ বাবে আৰবী শিক্ষা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী। চৌদি শিক্ষা মন্ত্ৰণালয়ৰ অধীনত প্ৰায় ১২ বছৰ শিক্ষকতা আৰু বিশ্বজুৰি ৪৮টা ভাষা শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচীত অংশ লোৱা অভিজ্ঞতা আছে তেওঁৰ।
তেওঁৰ নেতৃত্বত প্ৰশিক্ষণাৰ্থীসকলে আধুনিক, কাৰ্যকৰী আৰু প্ৰয়োগভিত্তিক আৰবী শিক্ষাৰ কৌশল শিকে।
এই কাৰ্যসূচীৰ সমন্বয়ক আছিল প্ৰফেচৰ মহম্মদ বশীৰ কে. আৰু সাৰ্বিক তত্বাৱধানত আছিল বিভাগীয় মুৰব্বী প্ৰফেচৰ মুস্তাফিজুৰ ৰহমান। সহযোগত আছিল চিনিয়ৰ প্ৰফেচৰ আবুল ৰাজ্জাক থাৰাইল, ড: নজমুল ইছলাম বৰভূঞা আৰু ড: হজৰত হাচানুজ্জামান।
এই প্ৰশিক্ষণত আসাম বিশ্ববিদ্যালয়ৰ অধীনৰ বিভিন্ন কলেজৰ আৰবী শিক্ষকৰ লগতে গুৱাহাটীৰ কটন বিশ্ববিদ্যালয় আৰু পশ্চিমবংগৰ বহু শিক্ষকে অংশ লয়। পাঁচদিন ধৰি দুবাৰ জলপান আৰু উন্নত মানৰ মধ্যাহ্ন ভোজনৰ ব্যৱস্থা আছিল।
যোৱাকালি সামৰণি অনুষ্ঠানত “এৰাবিক ফৰ অল”ৰ ফালৰ পৰা আৰু বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা সকলো প্ৰশিক্ষণাৰ্থীকে প্ৰমাণপত্ৰ দিয়া হয়। আৰবী বিভাগকো এটা মমেণ্টো প্ৰদান কৰা হয়। ভোট অৱ থেংক্স আৰু ফটো চেচনেৰে সভাৰ সামৰণি পৰে।
এই প্ৰশিক্ষণে উচ্চ শিক্ষানুষ্ঠানত আৰবী ভাষা শিক্ষাৰ মান উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব বুলি আশা প্ৰকাশ কৰিছে বিভাগীয় প্ৰচাৰ সম্পাদক মৌলানা মহবুবুৰ ৰহমানে।
