মাকুম: ২ অক্টোবৰ: ‘সেৱা সংকল্প অভিযান-২০২৬’ উপলক্ষে মাকুম সমজিলাৰ উদযাপন সমিতিৰ উদ্যোগত মাকুম উন্নয়ন খণ্ডৰ সভাগৃহত আজি মাকুম বিধানসভা সমষ্টিৰ অন্তৰ্গত বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এখনি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ দুটা শাখাত অনুষ্ঠিত প্ৰতিযোগিতাখনিৰ ষষ্ঠ শ্ৰেণীৰপৰা অষ্টম শ্ৰেণীলৈকে নিম্ন শাখাত বাইছটা আৰু নৱম শ্ৰেণীৰপৰা দ্বাদশ শ্ৰেণীলৈকে উচ্চ শাখাত এঘাৰটা দলে অংশগ্ৰহণ কৰে৷ মাকুম মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক শংকৰজ্যোতি বৰুৱা আৰু মৌতোষী ডেম গগৈয়ে পৰিচালনা কৰা প্ৰতিযোগিতাখনৰ শুভাৰম্ভ কৰে মাকুম সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণে৷ হাপজান প্ৰাথমিক শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা শিক্ষা বিষয়া গুণিন দত্তই আঁত ধৰা উদ্বোধনী অনুষ্ঠানত মাকুম সমজিলাৰ সহকাৰী আয়ুক্ত হিমাদ্ৰী মেচ, হাপজান শিক্ষা খণ্ডৰ উপ-পৰিদৰ্শক চফিকুল আনচাৰী, ব্লক প্ৰগেমাৰ প্ৰজ্ঞান ৰাজখোৱা, খণ্ড সমল ব্যক্তি দিতুল চেতিয়া আৰু বনদীপ সিনহা উপস্থিত থাকে৷ অনুষ্ঠানৰ আৰম্ভণিতে ‘গান্ধী জয়ন্তী’ উপলক্ষে মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিৰ প্ৰতি শ্ৰদ্ধা জনোৱা হয়৷ প্ৰতিযোগিতাৰ অন্তত নিম্ন শাখাৰ পানীতোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰোহিত কৈৰী আৰু হিমাংশু কাকতিক প্ৰথম, বাল্যভৱন মাকুমৰ ভাস্কৰজ্যোতি ৰাজখোৱা আৰু শ্ৰেয়া প্ৰসাদক দ্বিতীয় আৰু সৰজুবালা মেমোৰিয়েল হাইস্কুলৰ সায়ন দে আৰু মানস দাসক তৃতীয় পুৰস্কাৰ; উচ্চ শাখাৰ বাল্যভৱন মাকুমৰ ৰেয়ান সিনহা আৰু নায়াব চিকাৰীক প্ৰথম, গংগাবিচন চৌখানি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ধ্ৰুৱ লুইটেল আৰু অঞ্জু মাহাতুক দ্বিতীয় আৰু আৱাৰ এবিচি জুনিয়ৰ হাইস্কুলৰ অভিৰাজ গুপ্তা আৰু জুলতাল জ’জ’ক তৃতীয় পুৰস্কাৰ প্ৰদান কৰা হয়৷ প্ৰতিযোগিতাখনি সামগ্ৰিক পৰিচালনাত সহায় কৰে মণ্ডল সমন্বয়ক বুধিন দত্ত আৰু ৰাহুল দাসে৷
