ৰাষ্ট্ৰীয় পৰ্যায়ত বিশ্বনাথৰ জয়জয়কাৰ। মহাৰাষ্ট্ৰৰ পুনেত অনুষ্ঠিত ৫ম ইণ্ডিয়া টাইকোৱাণ্ডো কিঅ’ৰুগি ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ ২০২৬-২৭ ত সোণৰ পদক লাভ কৰিছে বিশ্বনাথৰ প্ৰিয়াশী বৰুৱাই। কেডেট অভাৰ-৫৯ কেজি শাখাত এই সাফল্য অৰ্জন কৰি তেওঁ জিলা তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে।
এই উপলক্ষে বিশ্বনাথৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ তৰফৰ পৰা প্ৰিয়াশীক আন্তৰিক অভিনন্দন জনোৱা হৈছে। তেওঁৰ এই কৃতিত্ব একাগ্ৰতা, অনুশাসন আৰু কঠোৰ পৰিশ্ৰমৰ ফল বুলি জিলা আৰক্ষী অধীক্ষক আছিফ আহমেদে উল্লেখ কৰে। লগতে প্ৰিয়াশীৰ পিতৃ লাঞ্চ নায়ক বলোৰাম বৰুৱাকো তেওঁৰ নিৰন্তৰ সমৰ্থনৰ বাবে শলাগ জনোৱা হয়।
