আজিৰে পৰা আৰম্ভ হোৱা চতুৰ্থদশ নখৰাই কৰম সন্মিলনত গছপুলি ৰোপণ কৰে পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱাই। সহযোগিতা আগবঢ়াই তিনিচুকীয়া জিলা সাধাৰণ সম্পাদক ফটিক মৰান আৰু জিলা সাংস্কৃতিক সভাপতি বিজয় মল্লিকে।
কাৰ্যসূচী অনুসৰি পতকা উত্তোলন কৰে কৰমৰ উদযাপন সমিতিয়ে সভাপতি প্ৰবীণ মাহত্ত্ব আৰু স্মৃতি তৰ্পণ কৰে সম্পাদক চাজন চিকে। কৰম সন্মিলনত ছাত্ৰ ছাত্ৰী সকলৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত কৰে। নিশা কৰম আখৰাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মাকুম বিধানসভা সমষ্টিৰ বিধায়ক সঞ্জয় কিষান।
