Monday, October 26, 2026
Homeঅসম‘CJPৰ সৈতে মতাদৰ্শৰ অমিল আছে আমাৰ’

‘CJPৰ সৈতে মতাদৰ্শৰ অমিল আছে আমাৰ’

ডিফুত সংবাদ মাধ্যমৰ সমুখত CJP সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উৎপল শৰ্মাই কয় যে CJPৰ সৈতে আছুৰ মতাদৰ্শগত পাৰ্থক্য আছে। কিন্তু ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানৰ উত্তৰণৰ বাবে কোনোবাই কাম কৰিলে তাক সদৌ অসম ছাত্ৰ সন্থাই আদৰণি জনাব।

উৎপল শৰ্মাই কয়, “CJP-এ কৰা আন্দোলনত সোণম ৱাংচুকৰ প্ৰতি আমি সহমৰ্মিতা প্ৰকাশ কৰিছিলোঁ। CJPৰ সৈতে আমাৰ মতাদৰ্শগত পাৰ্থক্য আছে। তেওঁলোকৰ মঞ্চত যিকোনো ৰাজনৈতিক নেতা যাব পাৰে। কিন্তু আমাৰ মঞ্চত কেতিয়াও ৰাজনৈতিক নেতাক স্থান দিয়া নহয়।”
তেওঁ লগতে কয় যে মতাদৰ্শৰ পাৰ্থক্য থাকিলেও ৰাজহুৱা খণ্ডৰ শিক্ষা-ব্যৱস্থাৰ উত্তৰণৰ বাবে কৰা কামক লৈ আছুৰ কোনো আপত্তি নাই।আছুৰ সভাপতিগৰাকী (AASU President Utpal Sarma)ৰ মতে, CJPৰ নেতাই অসমৰ বিদ্যালয় পৰিদৰ্শন কৰাৰ দৰে কাম আছুৱে দশক দশক ধৰি কৰি আহিছে। তেওঁ কয় যে অসমত ৰাজহুৱা খণ্ডৰ শিক্ষা-ব্যৱস্থা বৰ্তমানেও সংকটজনক অৱস্থাত আছে।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments