PWD (NH) বিভাগ PWD (পথ)ৰ সৈতে সংযুক্ত
কেবিনেটে PWD (National Highways) বিভাগটো PWD (পথ)ৰ সৈতে সংযুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই পুনৰ্গঠনৰ বাবে এটা অতিৰিক্ত কমিছনাৰ পদ সৃষ্টিৰ বাবেও কেবিনেটে অনুমোদন জনায়।
BTC, ডিমা হাচাও আৰু কাৰ্বি আংলঙৰ বাবে জল জীৱন মিছন
জল জীৱন মিছনৰ কাম BTC, ডিমা হাচাও আৰু কাৰ্বি আংলং অঞ্চলত অধিক সুচাৰুৰূপে ৰূপায়ণৰ বাবে তিনিখন MoUত অনুমোদন জনাইছে ৰাজ্যিক কেবিনেটে।
বৈদ্যুতিক আৰু CNG বাহনক Green Cessৰ পৰা ৰেহাই
কেবিনেটে Green Cess সন্দৰ্ভতো সিদ্ধান্ত গ্ৰহণ কৰে। মুখ্যমন্ত্ৰীৰ ঘোষণামতে, ইলেক্ট্ৰিক বাহন, CNG বাহন, দুচকীয়া আৰু তিনিচকীয়া বাহন Green Cessৰ আওতাৰ পৰা ৰেহাই পাব। আনহাতে, অন্যান্য বাহন ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰত ৩,০০০ টকাৰ Green Cess আৰোপ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। এইদৰে সংগৃহীত ধন বনানীকৰণ আৰু গৰা খহনীয়া ৰোধৰ কামত ব্যৱহাৰ কৰাৰ কথা প্ৰকাশ কৰে।
আৰক্ষী-কাৰাগাৰ বিভাগত ১২ শতাংশ পদ অগ্নিবীৰৰ বাবে সংৰক্ষণ
অসম আৰক্ষী, কাৰাগাৰ বিভাগ, SDRF, অগ্নিনিৰ্বাপক বাহিনী, ফ’ৰেষ্ট গাৰ্ড আৰু আবকাৰী বিভাগৰ কনিষ্টবল পদৰ ১২ শতাংশ অগ্নিবীৰসকলৰ বাবে সংৰক্ষণ কৰাৰ সিদ্ধান্তত কেবিনেটে অনুমোদন জনায়। এই সুবিধা লাভৰ বাবে আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব। অগ্নিবীৰসকলৰ বাবে ৰাজ্যিক পৰ্যায়ত নিয়োগৰ সুযোগ বৃদ্ধি কৰাৰ উদ্দেশ্যে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
অসমত Dalmiaৰ ১০,২০০ কোটি টকাৰ বিনিয়োগ
চিমেণ্ট কোম্পানী Dalmiaয়ে অসমত প্ৰায় ১০,২০০ কোটি টকা বিনিয়োগ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে সংবাদমেলত জানিবলৈ দিয়ে। এই বিনিয়োগৰ সৈতে জড়িত প্ৰকল্পসমূহৰ ৰূপায়ণৰ বিষয়টোও চৰকাৰে আগবঢ়াই নিব।
শিলচৰ-ডিব্ৰুগড়ত স্থানীয় আদালতত পৌৰ নিৰ্বাচনী গোচৰ
শিলচৰ আৰু ডিব্ৰুগড় পৌৰ নিগম গঠন হোৱাৰ পাছত এতিয়াৰ পৰা নিগমৰ নিৰ্বাচন সম্পৰ্কীয় গোচৰ স্থানীয় আদালততো দাখিল কৰিব পৰা যাব। ইয়াৰ পূৰ্বে এনে গোচৰৰ বাবে গুৱাহাটীত আদালতৰ দ্বাৰস্থ হ’বলগীয়া হৈছিল বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
ৰাজ্যিক কেবিনেটে অসম ৰেজিমেণ্টলৈ ১০ কোটি টকা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মধুপুৰ সত্ৰ চৰকাৰীভাৱে পৰিচালনা কৰাৰ বাবে অসম চৰকাৰে প্ৰতিমাহে ১ লাখ টকা আগবঢ়াব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। পৰৱৰ্তী সময়ত বৰদোৱাৰ দৰে বৃহৎ পৰিসৰৰ ধৰ্মীয়-সাংস্কৃতিক প্ৰকল্প গ্ৰহণ কৰাৰ পৰিকল্পনাও চৰকাৰৰ আছে বুলি তেওঁ জানিবলৈ দিয়ে।
কাছাৰী বজাৰৰ পৰা কামাখ্যালৈ River Frontৰ পৰিকল্পনা
কাছাৰী বজাৰৰ পৰা কামাখ্যালৈ River Front Developmentৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে। ইয়াৰ বাবে প্ৰকল্পৰ প্ৰতিবেদন প্ৰস্তুত কৰাৰ দায়িত্ব TATAক দিয়া হৈছে। অৱশ্যে, বৰ্তমান TATAক কেৱল প্ৰকল্পৰ প্ৰতিবেদন প্ৰস্তুতৰ দায়িত্বহে দিয়া হৈছে। প্ৰকল্পটোৰ নিৰ্মাণ বা ৰূপায়ণৰ দায়িত্ব এতিয়াও দিয়া হোৱা নাই বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰে।
কোকৰাঝাৰৰ পাতগাঁও ৰিজাৰ্ভ ফৰেষ্ট হ’ব এতিয়াৰ পৰা ৰাজহ গাঁও হ’ব। BTCৰ অনুৰোধ মৰ্মে এই সিদ্ধান্ত কেবিনেটত। বহু মানুহে বাস কৰি আছে এই ফৰেষ্টখনত।
