আদিবাসী সমাজৰ পৰম্পৰা, সংস্কৃতি আৰু সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই অহা পবিত্ৰ কৰম পূজাক কেন্দ্ৰ কৰি হাপজান ১২ নং লাইন প্ৰাথমিক গোট (আছা)-ৰ উদ্যোগত প্ৰথম বাৰ্ষিক কৰম সন্মিলনৰ আয়োজন কৰা হৈছে।
অহা ১০ অক্টোবৰ, শনিবাৰে অনুষ্ঠিত হ’বলগীয়া কৰম সন্মিলনক লৈ ইতিমধ্যে ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। কৰম পূজাৰ উদযাপন সমিতি, মহিলা সমিতি আৰু স্থানীয় ৰাইজৰ সহযোগত আজি সন্মিলনৰ লাইখুঁটা স্থাপন কৰা হয়।
আদিবাসী সমাজৰ লোকাচাৰ, পৰম্পৰা আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ লগতে নৱপ্ৰজন্মৰ মাজত কৰম পূজাৰ তাৎপৰ্য আৰু পৰম্পৰা জীয়াই ৰখাৰ উদ্দেশ্যেৰে এই কৰম সন্মিলনৰ আয়োজন কৰা হৈছে।
