প্ৰখ্যাত অভিনেতা নানা পাটেকাৰ আৰু নাই। ৭৫ বছৰ বয়সত দেহাৱসান ঘটে হিন্দী আৰু মাৰাঠী চলচ্চিত্ৰৰ জনপ্ৰিয় অভিনেতাগৰাকীৰ। গোৱাৰ ডোনা পাউলাস্থিত বাসগৃহত অচেতন অৱস্থাত উদ্ধাৰ কৰা হয় অভিনেতাগৰাকীক।
ততাতৈয়াকৈ অভিনেতাগৰাকীক মণিপাল হাস্পতাললৈ লৈ যোৱা হয়। চিকিৎসকে প্ৰায় ৪৫ মিনিট ধৰি CPR দিয়াৰ চেষ্টা চলাই যদিও সেয়া সফল নহ’ল। ঘটনা সন্দৰ্ভত মেডিকো-লিগেল কেছ ৰুজু কৰা হৈছে আৰু মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হ’ব।
১ জানুৱাৰী ১৯৫১ত মহাৰাষ্ট্ৰৰ মুৰুড-জঞ্জিৰাত জন্মগ্ৰহণ কৰিছিল নানা পাটেকাৰে। অভিনেতাগৰাকীৰ প্ৰকৃত নাম আছিল বিশ্বনাথ পাটেকাৰ। প্ৰায় পাঁচ দশকৰ দীঘলীয়া অভিনয় জীৱনত হিন্দী আৰু মাৰাঠী চলচ্চিত্ৰত বহু স্মৰণীয় চৰিত্ৰত অভিনয় কৰিছিল তেওঁ। সংলাপ কোৱাৰ বিশেষ ধৰণ আৰু অভিনয়শৈলীৰে দৰ্শকৰ মাজত সুকীয়া পৰিচয় গঢ়ি তুলিছিল নানা পাটেকাৰে।১৯৭৮ চনত ‘গমন’ ছবিৰ জৰিয়তে হিন্দী চলচ্চিত্ৰত প্ৰৱেশ কৰিছিল নানা পাটেকাৰে। ইয়াৰ পাছত ‘ছালাম বম্বে!’, ‘পৰিন্দা’, ‘ক্ৰান্তিবীৰ’, ‘অগ্নিসাক্ষী’, ‘খামোশী: দ্য মিউজিকেল’, ‘আব তক ছাপ্পান’, ‘ৱেলকাম’ আৰু ‘ৰাজনীতি’ৰ দৰে ছবিত অভিনয় কৰিছিল।
তেওঁৰ অভিনয়ে দৰ্শকৰ লগতে সমালোচকৰো প্ৰশংসা লাভ কৰিছিল। ‘ক্ৰান্তিবীৰ’ ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল নানা পাটেকাৰে। ‘পৰিন্দা’ আৰু ‘অগ্নিসাক্ষী’ ছবিৰ বাবেও ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে সন্মানিত হৈছিল অভিনেতাগৰাকী।২০১৩ চনত ভাৰতীয় চলচ্চিত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হয়। নানা পাটেকাৰ কেৱল অভিনেতাই নাছিল, পৰিচালক আৰু লেখক হিচাপেও কাম কৰিছিল। ১৯৯১ চনত ‘প্ৰহাৰ: দ্য ফাইনেল এটেক’ ছবিখন পৰিচালনা কৰিছিল তেওঁ।
চলচ্চিত্ৰৰ সমান্তৰালভাৱে থিয়েটাৰৰ সৈতেও দীৰ্ঘদিন ধৰি জড়িত আছিল নানা পাটেকাৰ। অভিনয়ৰ নিজস্ব শৈলী আৰু শক্তিশালী সংলাপ উপস্থাপনৰ বাবে ভাৰতীয় চলচ্চিত্ৰত তেওঁৰ এক সুকীয়া পৰিচয় গঢ় লৈছিল। নানা পাটেকাৰৰ মৃত্যুৰ খবৰে বলীউডৰ লগতে তেওঁৰ অনুৰাগীৰ মাজত শোকৰ সৃষ্টি কৰিছে।
