অসম চৰকাৰৰ পৰিবহণ আৰু বড়োলেণ্ড উন্নয়ন বিভাগৰ কেবিনেট মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত বুধবাৰে প্ৰথমবাৰৰ বাবে অসম-অৰুণাচল সীমান্তৰ চিজুচাত উপস্থিত হয় মন্ত্ৰী চৰণ বড়ো।
ওদালগুৰি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত চিজুচাত অসম ৰাজ্যিক পৰিবহণ নিগমৰ উদ্যোগত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে যাত্ৰীসকলৰ যাতায়াতৰ সুবিধাৰ্থে চিজুচাৰ পৰা তেজপুৰলৈ চলাচল কৰিবলগীয়া এখন শীত-তাপ নিয়ন্ত্ৰিত ৰঙা বাছ মুকলি কৰে। এই পদক্ষেপে অঞ্চলটোৰ যাতায়াত ব্যৱস্থা উন্নত কৰাৰ লগতে যাত্ৰীসকলক যথেষ্ট সুবিধা প্ৰদান কৰিব বুলি আশা কৰা হৈছে।
ইয়াৰ পাছতে সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত মন্ত্ৰীগৰাকীয়ে অঞ্চলটোৰ সৰ্বাংগীণ উন্নয়নৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হ’ব বুলি উল্লেখ কৰে।
আনহাতে, সামাজিক মাধ্যমত বিশ্বজিৎ নাথ নামৰ এগৰাকী ব্যক্তিয়ে জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ একাংশ এম ভি আই বিষয়াক লৈ ধনৰ লেনদেনৰ অভিযোগ উত্থাপন কৰা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে বিষয়টো সম্পৰ্কে অৱগত নহয় বুলি প্ৰকাশ কৰে।
ইফালে, অন্ধ্ৰপ্ৰদেশৰ পৰা ৰে’লেৰে আহি থকা অৱস্থাত ছাত্ৰী হিমাদ্ৰী বড়োৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তদন্তৰ জৰিয়তে ঘটনাটোৰ প্ৰকৃত ৰহস্য উদ্ঘাটন কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে।
