Tuesday, October 27, 2026
Homeঅসমদুৰ্গাপূজাৰ প্ৰাকক্ষণত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আহিছে সুখবৰ

দুৰ্গাপূজাৰ প্ৰাকক্ষণত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আহিছে সুখবৰ

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰে অৱসৰৰ পাছত পেঞ্চনকে ধৰি বিভিন্ন সুবিধা লাভৰ পথ প্ৰশস্ত হোৱাৰ সম্ভাৱনা সৃষ্টি হৈছে।পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য (CEM) তুলিৰাম ৰংহাঙে জনোৱা অনুসৰি কাৰ্বি আংলং জিলা গঠনৰ পৰাই স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ কৰ্মচাৰীসকলৰ বাবে চাৰ্ভিচ ৰোলৰ ব্যৱস্থা নাছিল। যাৰ ফলত কৰ্মচাৰীসকলে পেঞ্চনকে ধৰি অৱসৰৰ সময়ত লাভ কৰিবলগীয়া বিভিন্ন সুবিধাৰ পৰা বঞ্চিত হৈ আহিছিল।

এই সমস্যা সমাধানৰ উদ্দেশ্যে চাৰ্ভিচ ৰোলৰ ব্যৱস্থা কৰাৰ প্ৰস্তাৱ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সদনত উত্থাপন কৰা হয়। পৰিষদৰ চাৰিমহীয়া এদিনীয়া অধিৱেশনত CEM তুলিৰাম ৰংহাঙে প্ৰস্তাৱটো সদনত দাখিল কৰে। সদনে প্ৰস্তাৱটো গৃহীত কৰি অনুমোদনৰ বাবে ৰাজ্যপাললৈ প্ৰেৰণৰ সিদ্ধান্ত লয়।ৰাজ্যপালে প্ৰস্তাৱটোত অনুমোদন জনোৱাৰ পাছতহে পৰিষদৰ অধীনস্থ কৰ্মচাৰীসকলে এই ব্যৱস্থাৰ অধীনত পেঞ্চনকে ধৰি অৱসৰকালীন সুবিধা লাভ কৰাৰ পথ মুকলি হ’ব।

অধিৱেশনৰ অন্তত সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে CEM তুলিৰাম ৰংহাঙে। তেওঁ লগতে জনায় যে ভাৰত চৰকাৰলৈ প্ৰেৰণৰ বাবে সদনত দাখিল কৰা ভাৰতৰ নিয়ন্ত্ৰক আৰু মহা হিচাপ পৰীক্ষক (CAG)ৰ প্ৰতিবেদনখনো গৃহীত কৰা হৈছে।ইয়াৰ উপৰি অধিৱেশনত ২০৩ কোটি ১৫ লাখ ৫ হাজাৰ টকাৰ এখন পৰিপূৰ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments