গুৱাহাটীৰ বৰা ছাৰ্ভিচৰ হোটেল বিলাস ইনত সংঘটিত গুলীচালনাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। হোটেলখনত সংঘটিত এই গুলীচালনাৰ ঘটনাত হেলেনা ভৰালীসহ ৫গৰাকী লোকৰ মৃত্যু হৈছে। এই হত্যাকাণ্ডৰ মূল অভিযুক্ত ৩৫ বছৰীয়া ঘনকান্ত গগৈ গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
ঘটনাটোৰ আঁৰত হোটেলখনৰ লীজ আৰু মালিকীস্বত্বক লৈ চলি থকা দীৰ্ঘদিনীয়া বিবাদ থকাৰ কথা প্ৰকাশ কৰিছে মহানগৰ আৰক্ষীৰ আয়ুক্ত পাৰ্থসাৰথি মহন্তই। আৰক্ষী আয়ুক্তগৰাকীৰ বক্তব্য অনুসৰি, ঘনকান্ত গগৈয়ে প্ৰায় এবছৰ পূৰ্বে হোটেল বিলাস ইন লীজত লৈছিল। পৰৱৰ্তী সময়ত হোটেলখনৰ মালিক আৰু লীজ গ্ৰহণকাৰী ঘনকান্তৰ মাজত বিবাদৰ সৃষ্টি হৈছিল। এই বিবাদৰ পৰিণতিতেই গুলীচালনাৰ ঘটনা সংঘটিত হোৱা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।
হোটেল বিলাস ইনত গুলীচালনাৰ সময়ত ঘনকান্ত গগৈয়ে নাগালেণ্ডৰ অনুজ্ঞাপত্ৰ থকা .৩২ ব’ৰৰ পিষ্টল ব্যৱহাৰ কৰিছিল। ঘাতক ঘনকান্তই অতি কম দূৰত্বৰ পৰা গুলীচালনা কৰি ৬জন লোকক লক্ষ্য কৰি লৈছিল। গুলীচালনাৰ ঘটনাটো সংঘটিত হৈছিল নিশা প্ৰায় ৯ বজাৰ আগমুহূৰ্তত।
মহানগৰ আৰক্ষীৰ আয়ুক্ত পাৰ্থসাৰথি মহন্তই জনোৱা মতে, ঘনকান্ত গগৈয়ে প্ৰায় এবছৰ পূৰ্বে হোটেল বিলাস ইন লীজত লৈছিল। হোটেলখনৰ মালিক আৰু ঘনকান্তৰ মাজত দীৰ্ঘদিন ধৰি বিবাদ চলি আছিল। হোটেলখনৰ মালিকীস্বত্বক লৈয়েই এই বিবাদৰ সৃষ্টি হৈছিল বুলি আৰক্ষী আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰিছে। আনহাতে, অভিযোগ অনুসৰি, ঘনকান্তই হোটেলখন লীজত লোৱাৰ পিছত মালিকক ধন আদায় দিয়া নাছিল। লীজৰ ধন পৰিশোধ নকৰাক লৈ দুয়োপক্ষৰ মাজত বিবাদ চলি থকা বুলি জানিব পৰা গৈছে।
ঘনকান্ত গগৈক বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি নিয়াৰ পিছতে সাউকুছিৰ ভাৰাঘৰৰ পৰা তেওঁৰ পৰিয়াল ওলাই যোৱা বুলি জানিব পৰা গৈছে। নিশা প্ৰায় ১১ বজাত এখন কেব ভাৰা কৰি পত্নী নিজৰ পাঁচবছৰীয়া কন্যাক লগত লৈ ঘৰ এৰে। তেওঁলোকৰ সৈতে পোহনীয়া কুকুৰ এটাও আছিল বুলি জানিব পৰা গৈছে। ভাৰাঘৰৰ মালিকপক্ষৰ মতে, ঘনকান্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি নিয়াৰ পিছত পত্নীয়ে ঘৰটোৰ মালিকৰ ঘৰলৈ আহিছিল। তাৰ পিছত মালিকৰ পুত্ৰৰ সহায় লৈ কেব বুক কৰিছিল বুলি জানিব পৰা গৈছে।
আনহাতে, পৰিয়ালৰ এজন লোকৰ মৃত্যু হোৱা বুলি জনাই তেওঁ ততাতৈয়াকৈ কেব বুক কৰাইছিল বুলি ঘৰটোৰ মালিকপক্ষই প্ৰকাশ কৰিছে। অৰ্থাৎ ঘনকান্তৰ নিশাৰ ভাগতে কন্যা আৰু পোহনীয়া কুকুৰটোক লৈ ভাৰাঘৰ এৰে। কিন্তু ঘনকান্তৰ পত্নীয়ে ক’লৈ যাত্ৰা কৰিছিল, সেই বিষয়ে কোনো নিশ্চিত তথ্য পোৱা হোৱা নাই। ঘনকান্তৰ তেজপুৰৰ নিজৰ পিতৃক ঘৰলৈ গৈছিল নে গুৱাহাটীৰ আন কোনো স্থানত আশ্ৰয় লৈছিল, সেয়া জানিব পৰা হোৱা নাই।
ইফালে, পৰিয়ালটো ওলাই যোৱাৰ পিছতো ভাৰাঘৰটোত তলা ওলমি আছে। ঘনকান্তৰ ব্যৱহৃত বুলি উল্লেখ কৰা টাটা হেৰিয়াৰ বাহন আৰু টিভিএছ স্কুটিখনো ঘৰটোতে এৰি থৈ যোৱা হৈছে।
