নাগালেণ্ডত সাধাৰণ লোকক বন্দুকৰ অনুজ্ঞা পত্ৰ প্ৰদানত নিষেধাজ্ঞা চৰকাৰৰ। ২০০৩ চনৰ পৰাই নাগালেণ্ড গৃহ বিভাগে এই ক্ষেত্ৰত জাৰি কৰি থৈছে নিষেধাজ্ঞা। ইয়াৰ পিছতো ঘনকান্তই কেনেকৈ নাগালেণ্ডত পালে বন্দুকৰ অনুজ্ঞা পত্ৰ?
২০২৪ চনতো যোৰহাট পুলিবৰ থানাই পিষ্টলসহ আটক কৰিছিল ঘনকান্তক। কিন্তু সাধাৰণ সোধা-পোছা কৰি ঘনকান্তক এৰি দিছিল পুলিবৰ আৰক্ষীয়ে। পুলিবৰ আৰক্ষীয়ে তদন্ত কৰা হ’লে পোহৰলৈ আহিলহেঁতেন ঘনকান্তৰ পিষ্টলৰ লাইচেন্সৰ ৰহস্য
