অসম চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
NHM আৰু সমগ্ৰ শিক্ষা অভিযানৰ কৰ্মীৰ পৰিয়াললৈ ৭.৫০ লাখ টকা
NHM আৰু সমগ্ৰ শিক্ষা অভিযানৰ বিষয়া-কৰ্মচাৰীৰ দুৰ্ভাগ্যজনিত মৃত্যুৰ ক্ষেত্ৰত পৰিয়ালক প্ৰদান কৰা এককালীন সাহায্যৰ পৰিমাণ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। পূৰ্বতে এই সাহায্যৰ পৰিমাণ আছিল ৫ লাখ টকা।
এতিয়াৰে পৰা এই এককালীন সাহায্য ৭.৫০ লাখ টকালৈ বৃদ্ধি কৰা হৈছে। অৰ্থাৎ দুৰ্ভাগ্যজনিতভাৱে মৃত্যু হোৱা সমগ্ৰ শিক্ষা অভিযানৰ বিষয়া-কৰ্মচাৰীৰ পৰিয়ালে পূৰ্বৰ তুলনাত ২.৫০ লাখ টকা অধিক সাহায্য লাভ কৰিব।
আয়ুষ্মান যোজনাৰ বাবে ২০০ কোটি টকা অনুমোদন
স্বাস্থ্যখণ্ডৰ বাবেও কেবিনেটে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আয়ুষ্মান যোজনাৰ বাবে ২০০ কোটি টকা অনুমোদন জনোৱা হৈছে। এই ধন আয়ুষ্মান যোজনাৰ অধীনত স্বাস্থ্যসেৱা আৰু চিকিৎসা সুবিধা প্ৰদানৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হ’ব।
কলেজৰ নামভৰ্তিৰ মাচুল ৰেহাইৰ বাবে ১০৮ কোটি
ৰাজ্যৰ কলেজসমূহত নামভৰ্তিৰ মাচুল ৰেহাইৰ বাবেও কেবিনেটে ১০৮ কোটি টকা অনুমোদন কৰিছে। শিক্ষাৰ্থীসকলক নামভৰ্তিৰ সময়ত মাচুলৰ বোজাৰ পৰা সকাহ দিয়াৰ উদ্দেশ্যে এই ধন ব্যৱহাৰ কৰা হ’ব।
নলবাৰীলৈ স্থানান্তৰ হ’ব কৃষ্ণকান্ত সন্দিকৈ সংস্কৃত কলেজ
কেবিনেটৰ আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসৰি গুৱাহাটীৰ কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়ক কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু প্ৰাচীন অধ্যয়ন বিশ্ববিদ্যালয়ৰ সৈতে একত্ৰিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
এই সিদ্ধান্তৰ ফলত মহাবিদ্যালয়খনৰ সমগ্ৰ প্ৰতিষ্ঠানিক কাৰ্যকলাপ নলবাৰীলৈ স্থানান্তৰ কৰা হ’ব। বৰ্তমান কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়খন জালুকবাৰীত অৱস্থিত।কেবিনেটৰ এই সিদ্ধান্তসমূহৰ জৰিয়তে শিক্ষা, স্বাস্থ্য আৰু সমগ্ৰ শিক্ষা অভিযানৰ কৰ্মচাৰীসকলৰ কল্যাণৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে।
