Saturday, November 28, 2026
Homeঅসম‘‘Happy Birthday Goldie.. সদায় প্ৰাৰ্থনা কৰাৰ দৰে ভগৱানৰ পৰা তোমাৰ বাবে সুখ,...

‘‘Happy Birthday Goldie.. সদায় প্ৰাৰ্থনা কৰাৰ দৰে ভগৱানৰ পৰা তোমাৰ বাবে সুখ, শান্তি বিচাৰিছো

আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আজি ৫৫ সংখ্যক জন্মদিন। হিয়াৰ আমঠুৰ জন্মদিন উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আয়োজন কৰা হৈছে বিভিন্ন অনুষ্ঠানৰ। নিশাই কেক কাটি জন্মদিন পালন কৰিলে অনুৰাগীয়ে।কাহিলীপাৰাৰ জুবিন গাৰ্গৰ ঘৰত জন্মদিন উদযাপন। নিশাই ছিনেৰ্জী এপাৰ্টমেণ্টৰ আৱাসীসকলে উদযাপন কৰে জুবিন গাৰ্গৰ জন্মদিন।

জুবিনক্ষেত্ৰতো নিশাই পালন কৰা হয় জুবিনৰ ওপজা দিন। জুবিন গাৰ্গৰ অনুৰাগীসকলে জুবিনক্ষেত্ৰত পালন কৰে প্ৰাণৰ শিল্পীগৰাকীৰ জন্মদিন।জন্মদিনত ৰাজ্যজুৰি প্ৰাণৰ শিল্পীগৰাকীক সোঁৱৰণ কৰিছে অনুৰাগীয়ে। প্ৰান্তে প্ৰান্তে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

প্ৰিয় গ’ল্ডীৰ জন্মদিনত শুভেচ্ছা জনাই সামাজিক মাধ্যমত পত্নী গৰিমা শইকীয়া গাৰ্গে লিখিছে, ‘‘Happy Birthday Goldie.. সদায় প্ৰাৰ্থনা কৰাৰ দৰে ভগৱানৰ পৰা তোমাৰ বাবে সুখ, শান্তি বিচাৰিছো.. ভালকে ৰাখক তোমাক! তেওঁৰ নিজৰ সন্তান বুলি আৱৰি সামৰি ৰাখক নিজৰ কাষত।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments