পুৱতি নিশা মহানগৰীৰ হাতীগড়ত পথ দুৰ্ঘটনাত পতিত হয় জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ বাহন। AS-01-GU-0073 নম্বৰৰ XUV বাহনখনে পথৰ ডিভাইডাৰত খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়
অৱশ্যে সৌভাগ্যক্ৰমে কোনো লোক হতাহত হোৱা নাই। অভিনেত্ৰীগৰাকীৰ লগতে তেওঁৰ স্বামী ভাস্কৰজ্যোতি বৰুৱা আৰু সন্তান কথমপি ৰক্ষা পৰে।
প্ৰাপ্ত তথ্য অনুসৰি, বুধবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত বৰষাৰাণী বিষয়া স্বামী আৰু সন্তানৰ সৈতে কোকৰাঝাৰৰ পৰা গুৱাহাটীৰ গীতানগৰৰ বাসগৃহলৈ আহি আছিল। জু-তিনিআলিৰ দিশৰ পৰা গীতানগৰ অভিমুখে গৈ থকা অৱস্থাতে গীতানগৰৰ পুৰণি থানাৰ সন্মুখত বাহনখনে এটা পথৰ ডিভাইডাৰত খুন্দা মাৰে।
প্ৰাথমিকভাৱে জানিব পৰা মতে, দীঘলীয়া নিশাৰ যাত্ৰাৰ সময়ত চালকজনৰ টোপনি অহাৰ ফলতে বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰে বুলি সন্দেহ কৰা হৈছে। জানিব পৰা অনুসৰি ঘৰৰ পৰা ৩০০ মিটাৰ নিলগত দুৰ্ঘটনাত পতিত হয় অভিনেতাগৰাকীৰ বাহন।
দুৰ্ঘটনাগ্ৰস্ত বাহনখন সম্প্ৰতি গীতানগৰ আৰক্ষী থানাত ৰখা হৈছে। অভিনেত্ৰীগৰাকী আৰু তেওঁৰ পৰিয়ালৰ লোকসকল দুৰ্ঘটনাত সুৰক্ষিত থকাৰ খবৰে স্বস্তি প্ৰকাশ কৰিছে অনুৰাগীসকলে। উল্লেখ্য যে মঙলবাৰে কোকৰাঝাৰলৈ গৈ থকাৰ ভিডিঅ’ সামাজিক মাধ্যমত প্ৰকাশ কৰিছিল।
