২০২৭ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ (HSLC) এটা নিৰ্ধাৰিত পৰীক্ষাৰ দিন সলনি কৰাৰ দাবী উত্থাপন কৰাৰ পাছতে সঁহাৰি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ। ৯ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া মেট্ৰিক পৰীক্ষাৰ দিনটো ঈদ-উল-ফিটৰৰ সম্ভাৱ্য দিনৰ সৈতে মিল থকাৰ পৰিপ্ৰেক্ষিতত পৰীক্ষাৰ দিন সলনি কৰাৰ দাবী জনাইছিল পৰ্বতঝোৰা বিধানসভা সমষ্টিৰ বিধায়ক আশ্ৰাফুল ইছলাম শ্বেখে।
বিধায়ক আশ্ৰাফুল ইছলাম শ্বেখে সামাজিক মাধ্যমত প্ৰকাশ কৰা অনুসৰি, তেওঁৰ আবেদনৰ প্ৰতি সহানুভূতিশীল সঁহাৰি জনাই শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে তাৎক্ষণিকভাৱে পৰীক্ষা নিয়ন্ত্ৰকক ফোনযোগে ৯ মাৰ্চত পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ নিৰ্দেশ প্ৰদান কৰে।
