Monday, June 22, 2026
Homeঅসমআজিৰে পৰা অম্বুবাচী মহাযোগ

আজিৰে পৰা অম্বুবাচী মহাযোগ

আজিৰে পৰা আৰম্ভ হ’ব অম্বুবাচী মহাযোগ। আজি অম্বুবাচীৰ প্ৰবৃত্তি। নিশা ৯ বাজি ৮ মিনিট ৪২ ছেকেণ্ডত হ’ব প্ৰবৃত্তি। প্ৰবৃত্তিৰ লগে লগে তিনিদিনৰ বাবে বন্ধ হ’ব কামাখ্যা মন্দিৰৰ মূল দুৱাৰ।

তিনিদিনৰ অন্তত অম্বুবাচীৰ নিবৃত্তি হ’ব ২৫ জুনত। ২৫ জুনৰ নিশা ১২ বাজি ২ মিনিট ১৩ ছেকেণ্ডত ঘটিব নিবৃত্তি। ২৬ জুনত ভক্তৰ বাবে খোলা হ’ব কামাখ্যা মন্দিৰৰ দুৱাৰ। নিবৃত্তিৰ পিছত যথাবিহিত পূজা-অৰ্চনাৰ পিছত ভক্তৰ বাবে খুলি দিয়া হ’ব মন্দিৰৰ দুৱাৰ। তাৰ পিছতে ভক্তসকলে আশিস ল’ব পাৰিব মা কামাখ্যাৰ।অম্বুবাচী মহাযোগ উপলক্ষে কামাখ্যা মন্দিৰলৈ সোঁত বৈছে দেশ-বিদেশৰ ভক্তৰ। সাধু-সন্যাসী-ভক্তৰে উখল-মাখল হৈ পৰিছে নীলাচল। এই তিনিটা দিন কামাখ্যা মন্দিৰ চৌহদতে বাহৰ পাতি তপ-জপ-সাধনা কৰিব সাধু-সন্যাসীসকলে। নিবৃত্তিৰ পিছতে আটায়ে মা কামাখ্যাৰ আশিস গ্ৰহণ কৰিব।

পৌৰাণিক কাহিনী অনুসৰি, ৫১খন শক্তি পীঠৰ ভিতৰত অন্যতম হ’ল কামাখ্যাধাম। যেতিয়া সতীৰ শৰীৰৰ অংগ ভগৱান বিষ্ণুৱে বিচ্ছিন্ন কৰিছিল, তেতিয়া সতীৰ যোনি এই স্থানতে পৰিছিল। সেয়েহে, পৃথিৱী ঋতুময়ী হোৱাৰ সময়ত কামাখ্যা মন্দিৰৰ গুৰুত্ব অধিক। অম্বুবাচীৰ সময়ছোৱাত পৃথিৱী মাতৃয়ে তেওঁৰ বাৰ্ষিক ঋতুচক্ৰ পাৰ কৰে বুলি বিশ্বাস কৰা হয়।এইবাৰ অম্বুবাচী মেলালৈ ৮ লাখ ভক্তৰ সমাগম হোৱাৰ আশা কৰা হৈছে। অম্বুবাচী মেলা সুপৰিচালনা কৰাৰ বাবে কামৰূপ মেট্ৰ’ প্ৰশাসনে গ্ৰহণ কৰিছে যথাযথ ব্যৱস্থা। ভক্তসকল যাতে কোনো ধৰণৰ অসুবিধাত পৰিবলগীয়া নহয় তাৰ বাবে সকলো প্ৰকাৰৰ প্ৰস্তুতি সম্পন্ন কৰি তোলা হৈছে কামাখ্যা মন্দিৰত।

নীলাচল পাহাৰলৈ সাধাৰণ যান-বাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। আজিৰে পৰা পাহাৰৰ ওপৰলৈ নিব নিব নোৱাৰিব বাহন। সংবাদ মাধ্যম, প্ৰশাসনৰ লোকৰ বাবে থাকিব ফেৰী কাৰ। সোণাৰাম হাইস্কুল খেলপথাৰৰ পৰা চলিব ফেৰী কাৰ। অম্বুবাচী উপলক্ষে কামাখ্যা ধামত নাথাকিব কোনো ভিআইপি-ভিভিআইপি ব্যৱস্থা। সকলো লোকেই সাধাৰণ ভক্তৰ দৰেই কামাখ্যা মন্দিৰলৈ যাব লাগিব। ভক্তসকলৰ বাবে মন্দিৰৰ গে’টৰ পৰা পাৰি দিয়া হৈছে কাৰ্পেট। জোতা-চেণ্ডেল পিন্ধি কোনো লোকে যাব নোৱাৰিব নীলাচললৈ। সন্ধিয়া ৬ বজাৰ পিছত কোনো ভক্তই প্ৰৱেশ কৰিব নোৱাৰিব নীলাচল পাহাৰত।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments