Monday, June 22, 2026
Homeঅসমকুম্ভকৰ্ণ নিদ্ৰাত খুমটাই আৰক্ষী

কুম্ভকৰ্ণ নিদ্ৰাত খুমটাই আৰক্ষী

খুমটাইত চাঞ্চল্যকৰ চুৰিকাণ্ডই উন্মোচন কৰিছে আৰক্ষীৰ তৎপৰতাক লৈ একাধিক প্ৰশ্ন। খুমটাই আৰক্ষী থানাৰ একেবাৰে সমীপতে সংঘটিত হোৱা এই দুঃসাহসিক চুৰিকাণ্ডত নিশা গৃহস্থ নথকাৰ সুযোগ লৈ চোৰে বেৰ ভাঙি ঘৰত প্ৰৱেশ কৰি প্ৰায় দুই লক্ষাধিক টকাৰ সোণৰ গহণা, নগদ ধন, কাঁহৰ বাচন-বৰ্তনকে ধৰি বহু মূল্যৱান সামগ্ৰী লুটি নিয়ে।

খুমটাই চাৰিআলিৰ মোহিনী মালা গগৈ আৰু উজ্জ্বল গগৈৰ বাসগৃহত সংঘটিত এই ঘটনাত চোৰে কেৱল চুৰি কৰিয়েই ক্ষান্ত নাথাকি ঘৰৰ সকলো সামগ্ৰী লণ্ড-ভণ্ড কৰাৰ লগতে ফ্ৰীজত থকা শীতল পানীয় আৰু আম খাই যোৱাও অভিযোগ উত্থাপিত হৈছে।

ইফালে, ঘটনাৰ খবৰ থানাত দিয়া সত্ত্বেও আৰক্ষী প্ৰায় এঘণ্টা পলমকৈ ঘটনাস্থলীত উপস্থিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালে। থানাৰ কাষতে এনে দুঃসাহসিক চুৰিকাণ্ড সংঘটিত হোৱাৰ পাছত খুমটাই আৰক্ষীৰ সজাগতা আৰু ৰাতিৰ টহল ব্যৱস্থাক লৈ এতিয়া জনসাধাৰণৰ মাজত তীব্ৰ অসন্তোষ দেখা দিছে।

প্ৰশ্ন উত্থাপন হৈছে—যদি থানাৰ সমীপতে থকা বাসগৃহো সুৰক্ষিত নহয়, তেন্তে সাধাৰণ ৰাইজ কিমান নিৰাপদ? আৰক্ষীয়ে শীঘ্ৰে দোষীক গ্ৰেপ্তাৰ কৰি চুৰি হোৱা সামগ্ৰী উদ্ধাৰ কৰিব পাৰিব নে নাই, সেয়া এতিয়া লক্ষ্যণীয় বিষয় হৈ পৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments