Tuesday, July 28, 2026
Homeঅসমবানৰ মাজতো চলিব বিধানসভাৰ বাজেট অধিবেশন

বানৰ মাজতো চলিব বিধানসভাৰ বাজেট অধিবেশন

ৰাজ্যত উজনিৰ বান পৰিস্থিতি ভয়ংকৰ হৈ পৰাৰ সময়তে অসম বিধানসভাৰ বাজেট অধিবেশন স্থগিত নকৰাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। বানাক্ৰান্তৰ ওচৰত থাকিবৰ বাবে বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে অধিবেশন স্থগিতৰ দাবী কৰিছিল । কিন্তু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সেই দাবী নাকচ কৰে।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ৰাজ্যৰ সকলো প্ৰান্ততে বান হোৱা নাই। মাথোঁ ১২-১৩টা সমষ্টিতহে বানৰ সংহাৰ হৈছে। গতিকে এনে সময়ত বিধানসভাৰ চলিত বাজেট অধিবেশন স্থগিত কৰাৰ কোনো প্ৰশ্নই নুঠে।
ASDMAৰ প্ৰাথমিক ৰিপোৰ্ট অনুসৰি, ৰাজ্যৰ ১১ খন জিলাৰ ৩৬ খন ৰাজহ চক্ৰ বানৰ কৱলত। ৩ লাখ ১০ হাজাৰতকৈ অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। চৰাইদেউ জিলাত এজন লোকৰ মৃত্যুৰ খবৰো আহিছে। বান পৰিস্থিতিক লৈ এনেদৰে আগন্তুক বিধানসভা অধিবেশন উত্তাল হোৱাৰ সম্ভাৱনা দেখা গৈছে।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments