Tuesday, July 28, 2026
Homeঅসমনিখোঁজ একে পৰিয়ালৰ ৪ সদস্য

নিখোঁজ একে পৰিয়ালৰ ৪ সদস্য

চৰাইদেউৰ অভয়পৰীয়া গাঁৱত বানত নিৰুদ্দেশ একে পৰিয়ালৰ চাৰিজন। হঠাৎ অহা বাঢ়নী পানীত উটি গ’ল মাতৃ, কন্যাসহ দুই পুত্ৰ।

যোৱা নিশা হঠাতে অহা বাঢ়নী পানীয়ে অভয়পুৰীয়া গাঁও প্লাবিত কৰে। ৰোহিনী দুৱৰা নামৰ লোকজনৰ ঘৰতো সোমাই পানী। ঘৰত পানী সোমোৱাত ওখ ঠাইত আশ্ৰয় ল’বৰ বাবে ওলাই আহে পৰিয়ালটো।

সেই সময়তে  কোবাল সোতে উটুৱাই নিলে ৰোহিনী দুৱৰাৰ পত্নী  টুটুমনি দুৱৰা আৰু কন্যা বিদিশা দুৱৰাক। ঘটনাৰ খবৰ পাই দুই পুত্ৰ বিদ্যুৎ দুৱৰা আৰু বিপ্লৱ দুৱৰাই পানীত নামি মাতৃ আৰু ভগ্নীক বিচাৰি ওলাই যায়। পানীৰ সোতে দুই ভাতৃকো উটুৱাই নিয়ে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments