Tuesday, July 28, 2026
Homeঅসম২ লাখ আই-মাতৃক মেখেলা-চাদৰ আৰু ২ লাখ শিশুক টি-চাৰ্ট প্ৰদান কৰিব ৰাজ্যিক...

২ লাখ আই-মাতৃক মেখেলা-চাদৰ আৰু ২ লাখ শিশুক টি-চাৰ্ট প্ৰদান কৰিব ৰাজ্যিক বিজেপিয়ে

অসমৰ বানাক্ৰান্ত ৰাইজৰ সহায়ৰ উদ্দেশ্যে অসম ৰাজ্যিক বিজেপিয়ে বৃহৎ সাহায্য অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দেওবাৰে আজাৰাত মুখ্যমন্ত্ৰীয়ে জনোৱা অনুসৰি, এই অভিযানৰ অধীনত বানপীড়িত অঞ্চলৰ প্ৰায় ২ লাখ আই-মাতৃক একোযোৰকৈ মেখেলা-চাদৰ আৰু ২ লাখ শিশুক টি-চাৰ্ট বিতৰণ কৰা হ’ব।

মুখ্যমন্ত্ৰীয়ে কয় যে, এই সমগ্ৰ সাহায্য কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ প্ৰায় ১২ কোটি টকাৰ প্ৰয়োজন হ’ব। সেই উদ্দেশ্যে ৰাজ্যজুৰি পুঁজি সংগ্ৰহ অভিযান আৰম্ভ কৰা হৈছে।

তেওঁ জানিবলৈ দিয়ে যে, যিসকল বিজেপি কৰ্মকৰ্তাই ২,০০০ টকাৰ তলত বৰঙণি আগবঢ়াব বিচাৰে, তেওঁলোকে নিজ নিজ স্থানীয় বিধায়কৰ জৰিয়তে সহায় আগবঢ়াব পাৰিব। আনহাতে, ২,০০০ টকাৰ অধিক বৰঙণি দিব বিচৰা লোকে অসম বিজেপি অথবা মুখ্যমন্ত্ৰীৰ ফেচবুক আৰু এক্স জৰিয়তে যোগাযোগ কৰিব পাৰিব।  এই সাহায্য অভিযানৰ বাবে সৰ্বমুঠ ১২ কোটি টকা সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। অসমৰ বাহিৰত থকা বিজেপিৰ বহু কৰ্মকৰ্তায়ো এই মানৱীয় উদ্যোগত সহযোগ কৰাৰ আশ্বাস দিছে বুলি তেওঁ উল্লেখ কৰে।

অহা চাৰি-পাঁচ দিনৰ ভিতৰত পুঁজি সংগ্ৰহৰ কাম সম্পূৰ্ণ কৰি শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ বানাক্ৰান্ত পৰিয়ালসমূহৰ মাজত সাহায্য সামগ্ৰী বিতৰণ আৰম্ভ কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে কয়, এই অভিযানৰ জৰিয়তে বানত ক্ষতিগ্ৰস্ত আই-মাতৃ আৰু শিশুসকলৰ কাষত থিয় হোৱাৰ লগতে সমাজৰ সকলো স্তৰৰ লোকে এই সাহায্য কাৰ্যসূচীত অংশগ্ৰহণ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments