ৰাজ্যত অব্যাহত আছে শাওণমহীয়া বানৰ তাণ্ডৱ। শেহতীয়া তথ্য অনুসৰি, বান আৰু নগৰীয়া বানৰ ফলত ৰাজ্যখনত মুঠ মৃতকৰ সংখ্যা ৬৮গৰাকীলৈ বৃদ্ধি পাইছে (উজনিৰ বানৰ ফলত ৬৭গৰাকী আৰু নগৰীয়া বানত ১গৰাকী)। বিগত ২৪ ঘণ্টাত শিৱসাগৰত ৫গৰাকী আৰু চৰাইদেউত এগৰাকীকে ধৰি পুনৰ ৬গৰাকী লোকে কৰুণভাৱে প্ৰাণ হেৰুৱাইছে।
বান পৰিস্থিতিৰ শেহতীয়া আপডেটঃ বৰ্তমান ৰাজ্যৰ ১০খন জিলা বানৰ কৱলত আছে। জিলাকেইখন হৈছে— গোলাঘাট, চৰাইদেউ, কামৰূপ, হোজাই, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, শোণিতপুৰ, কামৰূপ (মেট্ৰ’) আৰু নগাঁও।বানত প্ৰভাৱিত ৰাজহ চক্ৰ: ২৮টা, প্ৰভাৱিত গাঁও: ৮১০খন, প্ৰভাৱিত জনসংখ্যা: ৬,৫৪,৮৩৮গৰাকী ,ক্ষতিগ্ৰস্ত কৃষিভূমি: ৩৪,৯৭০.৮হেক্টৰ।
দেওবাৰে পুুৱা শিৱসাগৰৰ দিখৌ নদীত দুটা মৃতদেহ প্ৰত্যক্ষ কৰা হৈছে। নদীত উটি অহা পুৰুষৰ মৃতদেহ দুটা শিৱসাগৰ চহৰৰ নতুন দিখৌ দলঙৰ তলত লাগি থকা এজোপা বাঁহ গছত লাগি ধৰিছিল। বানৰ ফলত মৃত্যুমুখত পৰা ইজনৰ পাছত সিজন লোকৰ মৃতদেহ উদ্ধাৰ হোৱাত মৃত্যু হোৱা লোকৰ পৰিসংখ্যা বাঢ়ি গৈ আছে। ইপিনে, শিৱসাগৰত বান পৰিস্থিতি সামান্য উন্নতি হৈছে যদিও আঁতৰা নাই দুৰ্যোগ। আজি সপ্তম দিনাও পানীত ডুবি আছে বেতবাৰী মৌজা। পানীত ডুবি আছে মগৰাহাট অঞ্চলৰ বিস্তীৰ্ণ এলেকা। অতি ধীৰ গতিত হ্ৰাস পাইছে দৰিকাৰ পানী। আজিও বিপদসীমাৰ ডেৰ মিটাৰ ওপৰেৰে বৈ আছে দৰিকাৰ পানী। ব্ৰহ্মপুত্ৰলৈ সঠিকভাৱে ওলাই যোৱা নাই দৰিকাৰ পানী। শিৱসাগৰ চহৰৰ বি জি ৰোড আজি সপ্তম দিনাও প্লাৱিত হৈ আছে।
