বানাক্ৰান্তৰ বাবে বিশেষ সাহায্য আৰু বিত্তীয় পদক্ষেপ
কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে কয়, ‘‘বানত ক্ষতিগ্ৰস্ত লোকসকলে শীঘ্ৰেই ১৫,০০০ টকাকৈ সাহায্য লাভ কৰিব। জিলাসমূহত বৰ্তমান পৰ্যাপ্ত সাহায্য প্ৰদান অব্যাহত আছে। বানত ক্ষতিগ্ৰস্ত যান-বাহনৰ সঠিক ক্ষতিপূৰণ নিশ্চিত কৰাৰ উদ্দেশ্যে ৫ আগষ্টত চৰকাৰে বীমা কোম্পানীসমূহৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব, যাতে ক্ষতিগ্ৰস্তসকলক ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ কৃপণালি কৰা নহয়। একেদিনাই বানপীড়িত লোকসকলক সহজতে ঋণ আৰু বিত্তীয় সাহায্য প্ৰদানৰ বাবে বিভিন্ন বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহৰ (NBFC) প্ৰতিনিধিৰ লগতো চৰকাৰে আলোচনা কৰিব।’’
‘৭ আগষ্টৰ পৰা দুৰ্যোগ প্ৰশমন বিভাগ আৰু ৰাজহ বিভাগৰ সহযোগত বানাক্ৰান্ত অঞ্চলসমূহত সৰ্বমুঠ ক্ষতিৰ জৰীপ বা সমীক্ষা চলোৱা হ’ব। এই জৰীপৰ কাম ১৫ দিনৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে। আজিৰ পৰা ৰাজ্যৰ মন্ত্ৰীসকলেও পুনৰ বানাক্ৰান্ত অঞ্চললৈ গৈ স্থলবিশেষে পৰিস্থিতিৰ বুজ ল’ব।’’
বানৰ ফলত ক্ষতিগ্ৰস্ত হোৱা শিক্ষাখণ্ডক পুনৰ সচল কৰিবলৈ কেবিনেটে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। সমগ্ৰ শিক্ষা অভিযানৰ জৰিয়তে বিদ্যালয়সমূহক ছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্ম বিতৰণৰ বাবে ৮ কোটি টকা মঞ্জুৰ কৰা হৈছে। বানত বোকা সোমাই ক্ষতিগ্ৰস্ত হোৱা বিদ্যালয়সমূহ পৰিষ্কাৰ কৰাৰ বাবে ৰাজহ বিভাগে প্ৰতিখন বিদ্যালয়লৈ ২ৰ পৰা ৩ লাখ টকাকৈ সাহায্য আগবঢ়াব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। অহা ৯ আগষ্টৰ পৰা ৰাজ্যৰ বানাক্ৰান্ত অঞ্চলৰ বিদ্যালয়সমূহ পুনৰ খোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
