Saturday, August 1, 2026
Homeঅসমকিমান দিনলৈ বঢ়াই দিয়া হ’ল গ্ৰীষ্ম বন্ধৰ সময়?

কিমান দিনলৈ বঢ়াই দিয়া হ’ল গ্ৰীষ্ম বন্ধৰ সময়?

ৰাজ্যৰ এইখন জিলাত বৃদ্ধি কৰা হ’ল গ্ৰীষ্ম বন্ধৰ সময়। ৯ আগষ্টলৈ বৃদ্ধি কৰা হ’ল গৰম বন্ধৰ দিন।শেহতীয়া বান পৰিস্থিতি আৰু পৰৱৰ্তী পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শিৱসাগৰ জিলা প্ৰশাসনে গ্ৰহণ কৰিছে এই সিদ্ধান্ত।

বানবিধ্বস্ত অঞ্চলৰ বিদ্যালয়সমূহ পৰিষ্কাৰ, অনাময় (Sanitization) আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে সম্পূৰ্ণ নিৰাপদ কৰি তোলাৰ উদ্দেশ্যে শিৱসাগৰ জিলাৰ সকলো চৰকাৰী, প্ৰাদেশিকীকৃত আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ লগতে আশ্ৰয় শিবিৰ হিচাপে কাৰ্যকৰী হৈ থকা শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ গ্ৰীষ্মকালীন বন্ধ ৯ আগষ্টলৈ বৃদ্ধি কৰা হৈছে।

শিৱসাগৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা জাৰি কৰা নিৰ্দেশনা অনুসৰি শেহতীয়া আপডেটসমূহ হ’ল—
নিয়মিত পাঠদান: ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিদ্যালয়ৰ নিয়মীয়া পাঠদান অহা ১০ আগষ্ট, সোমবাৰৰ পৰা পুনৰ আৰম্ভ হ’ব।
কৰ্মচাৰীৰ উপস্থিতি: ১ আগষ্ট, শনিবাৰৰ পৰা জিলাখনৰ সকলো শিক্ষক-শিক্ষয়িত্ৰী আৰু Non-teaching Staffএ বাধ্যতামূলকভাৱে বিদ্যালয়ত উপস্থিত থাকি বানে ক্ষতিগ্ৰস্ত কৰা চৌহদ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু পুনৰুদ্ধাৰৰ কাম-কাজ খৰচি মাৰি তদাৰক কৰিব লাগিব।
পৰীক্ষাৰ ব্যৱস্থা: যিবোৰ প্ৰতিষ্ঠানত পূৰ্বৰ পৰাই পৰীক্ষা নিৰ্ধাৰিত হৈ আছিল, সেইসমূহ বিদ্যালয়ত প্ৰয়োজনীয় নিৰাপত্তা আৰু সাৱধানতা অৱলম্বন কৰি পৰীক্ষাসমূহ অনুষ্ঠিত কৰা হ’ব।

শিৱসাগৰৰ জিলা আয়ুক্ত মৃদুল যাদৱে শুকুৰবাৰে জাৰি কৰিছে এই নিৰ্দেশনা। বানৰ বিভীষিকাৰ পাছত ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্য আৰু সুৰক্ষা সুনিশ্চিত কৰাৰ লক্ষ্যৰে প্ৰশাসনে গ্ৰহণ কৰা এই পদক্ষেপে অভিভাৱকসকলক সকাহ দিয়া পৰিলক্ষিত হৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments