Tuesday, June 23, 2026
Homeঅসমবিজুলি-ঢেৰেকনিৰ লগতে বজ্ৰপাত, হ’ব পাৰে প্ৰৱল বৰষুণ!

বিজুলি-ঢেৰেকনিৰ লগতে বজ্ৰপাত, হ’ব পাৰে প্ৰৱল বৰষুণ!

ৰাজ্যৰ ২৩খন জিলাত গুৱাহাটী বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। তিনিখন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰাৰ লগতে ২০খনকৈ জিলাত জাৰি কৰা হৈছে Yellow Alert। আজিৰ দিনটোত এই জিলাকেইখনত ঠায়ে ঠায়ে মূষলধাৰ বৰষুণৰ লগতে হ’ব পাৰে বিজুলি-ধেৰেকনি-বজ্ৰপাত।ধেমাজি, লখিমপুৰ, মাজুলী, যোৰহাট, গোলাঘাটত জাৰি কৰা হৈছে Yellow Alert। এই জিলাকেইখনৰ দুই এঠাইত প্ৰবল বৰষুণৰ লগতে হ’ব পাৰে বিজুলি-ঢেৰেকনিসহ বজ্ৰপাত।

পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দি জিলাতো Yellow Alert জাৰি কৰা হৈছে। বিজুলি-ঢেৰেকনি-বজ্ৰপাতৰ লগতে এই জিলাকেইখনৰ ঠায়ে ঠায়ে হ’ব পাৰে প্ৰৱল বৰষুণ।কামৰূপ মেট্ৰ’, কামৰূপ, নলবাৰী, বজালী, বাক্সা, তামুলপুৰ, চিৰাং, গোৱালপাৰা, ধুবুৰী আৰু দক্ষিণ শালমাৰা জিলাত জাৰি কৰা হৈছে Yellow Alert। এই জিলাকেইখনতো বিজুলি-ঢেৰেকনিসহ বজ্ৰপাতৰ লগতে মূষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।কোকৰাঝাৰ, বঙাইগাঁও আৰু বৰপেটা জিলাত জাৰি কৰা হৈছে Orange Alert। এই জিলাকেইখনত দুই এঠাইত ব্লৱলৰ পৰা অতিপ্ৰৱল বৰষুণৰ সম্ভাৱনা আছে। লগতে বিজুলি-ঢেৰেকনিসহ বজ্ৰপাত হ’ব পাৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments