ৰাজ্যত অব্যাহত আছে বৰষুণ। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ, গুৱাহাটীয়ে পুনৰ সতৰ্কবাণী জাৰি কৰিছে
আজি বতৰ বিজ্ঞান কেন্দ্ৰই কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, গোৱালপাৰা, কামৰূপ, কামৰূপ (মেট্ৰ’), দৰং, মৰিগাঁও, নগাঁও, পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং, শ্ৰীভূমি আৰু হাইলাকান্দি জিলাত Yellow Alert জাৰি কৰিছে।গুৱাহাটীকে ধৰি উজনি অসমৰ বহু স্থানত আজি নিশালৈ ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। ৰাজ্যৰ ২১খনকৈ জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই Yellow Alert জাৰি কৰিছে।
আজি বতৰ বিজ্ঞান কেন্দ্ৰই কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, গোৱালপাৰা, কামৰূপ, কামৰূপ (মেট্ৰ’), দৰং, মৰিগাঁও, নগাঁও, পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং, শ্ৰীভূমি আৰু হাইলাকান্দি জিলাত Yellow Alert জাৰি কৰিছে।লখিমপুৰ, মাজুলী, যোৰহাট, ধেমাজি, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাতো আজি বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে ইয়েল’ এলাৰ্ট।
ইয়েল’ এলাৰ্ট জাৰি কৰা জিলাকেইখনত নিশা প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে। এলাৰ্ট জাৰি কৰা ২১খন জিলাৰ ঠাইবিশেষে বিজুলী-ঢেৰেকনিৰে বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
