গৰমৰ প্ৰকোপৰ প্ৰতি লক্ষ্য ৰাখি বঙাইগাঁও জিলাত বিদ্যালয়ৰ পাঠদানৰ সময়সূচীৰ সাল-সলনি। নিম্ন প্ৰাথমিক বিদ্যালয়ৰ পাঠদান পুৱা ৭:৩০ বজাৰ পৰা দিনৰ ১১:৩০ বজালৈ, উচ্চ প্ৰাথমিক বিদ্যালয়ৰ পুৱা ৭:৩০ বজাৰ পৰা দুপৰীয়া ১২:০০ বজালৈ আৰু মাধ্যমিক বিদ্যালয়ৰ পুৱা ৭:৩০ বজাৰ পৰা দুপৰীয়া ১২:৩০ বজালৈ পাঠদানৰ নিৰ্দেশ। বঙাইগাঁৱৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া পল্লৱী মেধিৰ নিৰ্দেশনা জাৰি।
