ভাৰ্গৱ ৰাজবংশী,ধূপধৰা:গোৱালপাৰা জিলাৰ পূব প্ৰান্তৰ ধূপধৰা জুৰণিপাৰা নিৱাসী বিশিষ্ট শিক্ষক,,সমাজকৰ্মী,,আভিনেতা-নাট্যকাৰ প্ৰয়াত কৃষ্ণমোহন দাসৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে দেওবাৰে অৰ্থাৎ ১২ জুলাইত তেওঁৰ বাসগৃহত এক গাম্ভীৰ্যপূৰ্ণ ভাৱে স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়।
বিশিষ্ট নাগৰিক,ৰাজ্যিক কৃতী শিক্ষক বঁটা প্ৰাপ্ত অৱসৰী শিক্ষক শিবেন্দ্ৰ পাটগিৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি, শুভানুধ্যায়ী আৰু গুণমুগ্ধই উপস্থিত থাকি প্ৰয়াত দাসৰ কৰ্মময় জীৱন, শিক্ষাসেৱা আৰু সমাজলৈ আগবঢ়োৱা অৱদান স্মৰণ কৰে।এই উপলক্ষে অৱসৰী শিক্ষক ,প্ৰাক্তন সাংবাদিক–লেখক নৱকুমাৰ মিশ্ৰৰ সম্পাদনাত প্ৰকাশিত ‘কৃষ্ণ-কথা’ নামক স্মাৰক গ্ৰন্থখন ধূপধৰা বৈদিক সমাজৰ সভাপতি,,অৱসৰী অধ্যাপক ডক্টৰ বিভূতি কলিতাই আনুষ্ঠানিকভাৱে উন্মোচন কৰে। উন্মোচনী ভাষণত তেওঁ প্ৰয়াত কৃষ্ণমোহন দাসৰ আদৰ্শ আৰু মূল্যবোধ সমাজৰ বাবে সদায় প্ৰেৰণাৰ উৎস হৈ থাকিব বুলি মন্তব্য কৰে বিভিন্ন জনে।
