Tuesday, July 28, 2026
Homeঅসমছাৰ, মই মাজত মাতিব পাৰিম নে নোৱাৰিম?: অখিল গগৈ

ছাৰ, মই মাজত মাতিব পাৰিম নে নোৱাৰিম?: অখিল গগৈ

চলিত বাজেট অধিৱেশনৰ অষ্টমটো দিনত অসম বিধানসভাত মুখ্যমন্ত্ৰী আৰু অখিল গগৈৰ মাজত তীব্ৰ তৰ্ক বিৰ্তকৰ সূত্ৰপাত হয়। বাজেটক লৈ মুখ্যমন্ত্ৰীৰ ভাষণৰ মাজতে বাৰে বাৰে বিৰোধিতা কৰে অখিল গগৈয়ে। অধ্যক্ষই কেইবাবাৰো সকিয়নী দিয়াৰ পাছতো অখিল গগৈয়ে পুনৰ মাত মতাৰ সময়তে গগৈক এদিনৰ বাবে বহিষ্কাৰ কৰে অধ্যক্ষই।

চলিত বাজেট অধিৱেশনত মুখ্যমন্ত্ৰীৰ ভাষণৰ মাজত কোনো বিধায়কে মাত মাতিব নোৱাৰিব বুলি বিধান সভাৰ অধ্যক্ষ ৰণজিত কুমাৰ দাসে ৰুলিং দিছিল যদিও সেই নিয়ম ভংগ কৰিলে অখিল গগৈয়ে। বাজেট বিৰ্তকৰ অন্তত মুখ্যমন্ত্ৰীয়ে মুখনি ভাষণ সদনত দি থকাৰ সময়তে অখিল গগৈয়ে অধ্যক্ষ দাস উদ্দেশ্যি সোধে- ছাৰ, মই মাজত মাতিব পাৰিম নে নোৱাৰিম?

তেনেতে বিধানসভাৰ অধ্যক্ষ ৰণজিত কুমাৰ দাসে সদনত জনায় যে, অখিল গগৈক দিনটোৰ বাবে সদনৰ পৰা বহিষ্কাৰ কৰা হৈছে। অখিলক উদ্দেশ্যি দাসৰ সেই নিৰ্দেশৰ পাছতে সদনত একাংশ বিধায়কে কয়, অখিল দাই এইখন নাটক কৰি আছে। তেওঁ চাহ খাব মন গৈছে, সেয়েহে এই নাটক কৰি বাহিৰলৈ ওলাই গৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments