ৰাজ্যৰ কৃষকসকলৰ বাবে ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই বছৰৰ পৰা প্ৰদান কৰা হ’ব মু্খ্যমন্ত্ৰী কৃষক উৎকৰ্ষ বঁটা। যদি শিক্ষিত যুৱক-যুৱতী কৃষিখণ্ডত জড়িত হয়, তেন্তে ১ লাখ টকাকৈ লাভ কৰিব। লগতে কৃষি বিভাগৰ আঁচনিসমূহ প্ৰদান কৰা হ’ব।মুখ্যমন্ত্ৰীয়ে কয় যে এই বছৰত ১ হাজাৰ শিক্ষিত কৃষকক দিয়া হ’ব এই বঁটা। ৫ বছৰত লক্ষ্য হ’ব ১০ হাজাৰ শিক্ষিত কৃষক।
ইফালে, ৰাজ্যৰ ৪০টা ৰাজহ চক্ৰত অসমৰ খিলঞ্জীয়া মানুহেহে কিনা বেচা কৰিব পাৰিব মাটি। ইয়াৰ বাবে আহিব শক্তিশালী আইন। প্ৰধানত নামনি অসমত হ’ব এই ৰাজহ চক্ৰসমূহ। ধুবুৰী, বৰপেটা, গোৱালপাৰা আদিত যিখিনি মাটি বাছি আছে সেইখিনি ৰক্ষা কৰিব লাগিব বুলি কয় মুখ্যমন্ত্ৰীয়ে।
লোকপিয়লক লৈও মুখ্যমন্ত্ৰীয়ে কৰিলে গুৰুত্বপূৰ্ণ মন্তব্য। বৰাক আৰু জনজাতীয় লোকসকলক বাদ দি লোকপিয়লত সকলোকে অসমীয়া লিখিবলৈ আহ্বান মু্খ্যমন্ত্ৰীৰ। অবিভক্ত চিলেট, ৰাজস্থান য’ৰ পৰাই নাহক, তেওঁলোকে নিজকে অসমীয়া বুলি প্ৰমাণ কৰি লোকপিয়লত লিখিব লাগে মাতৃভাষা অসমীয়া। মুখ্যমন্ত্ৰীয়ে কয়, আমাৰ অসমীয়া ভাষাটোক কোনোবাই ব্লেকমেইল কৰিব নোৱাৰে। এই লোকপিয়লে আমাক এটা বৃহৎ জাতিসত্তা আনি দিছে, গতিকে ইয়াৰ সুযোগ ল’ব লাগে। ভাৰতৰ যিকোনো প্ৰান্তৰ পৰা অহা সকলোৱেই লিখিব লাগে অসমীয়া।
লগতে মুখ্যমন্ত্ৰীয়ে কয়, অনাগত ৫ বছৰত আন্তগাঁথনি বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা আহিব ন্যূনতম ১ লাখ কোটি টকা। ৰাজ্য চৰকাৰে নিজাকৈ ব্যয় কৰিব ৫০ হাজাৰ কোটি টকা।
