মূল্যবৃদ্ধিৰ জুয়ে দহিছে ৰাজ্যবাসীক। গাখীৰ, ব্ৰেডকে ধৰি একাধিক সামগ্ৰীৰ ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি হৈছে। সাম্প্রতিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি এক গুৰুত্বপূর্ণ বৈঠকৰ জৰিয়তে ৰাজ্যৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰীক্ষণ ব্যৱস্থাৰ পৰ্যালোচনা কৰে মুখ্যমন্ত্ৰীয়ে।
বজাৰৰ সন্তুলন ব্যৱস্থা অব্যাহত ৰখা আৰু যিকোনো অস্বাভাৱিক মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে আজি কেতবোৰ নির্দেশনা প্রদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। জিলা আয়ুক্তৰ নেতৃত্বত ৩-৪ দিনৰ ভিতৰত জিলা নিৰীক্ষণ সমিতিৰ বৈঠক আহ্বান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।সকলো দোকান আৰু পাইকাৰি বিপণিত খুচুৰা আৰু পাইকাৰি মূল্য প্ৰদৰ্শন কৰাটো বাধ্যতামূলক কৰাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। অস্বাভাৱিক মূল্যৰ কৰিলে ট্রেড লাইচেঞ্চ বাতিলকে ধৰি কঠোৰ পদক্ষেপ লোৱা হ’ব বুলি জনাইছে মুখ্যমন্ত্ৰীয়ে।
জিলা আয়ুক্ত, চেম্বাৰ আৰু বাণিজ্যিক সংস্থাবোৰৰ মাজত সাপ্তাহিক পর্যালোচনা বৈঠক কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে। অস্বাভাৱিক মূল্য বৃদ্ধি ধৰা পেলোৱা আৰু প্ৰতিৰোধৰ বাবে তীব্ৰতৰ ক্ষেত্র পর্যায়ৰ নিৰীক্ষণ দিছে মুখ্যমন্ত্ৰীয়ে।LPG চিলিণ্ডাৰ বিতৰণত আসোঁৱাহ দূৰ কৰিবলৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ হিতাধিকাৰীসকলৰ দ্ৰুত আধাৰ সংযোজন কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে।
