Monday, June 1, 2026
Homeঅসমকাৰ্বি আংলঙৰ মাঞ্জাৰ সমীপৰ লাংৱকুত শীঘ্ৰেই নিৰ্মাণ আৰম্ভ হ'ব ৰাজ্যৰ দ্বিতীয় খন...

কাৰ্বি আংলঙৰ মাঞ্জাৰ সমীপৰ লাংৱকুত শীঘ্ৰেই নিৰ্মাণ আৰম্ভ হ’ব ৰাজ্যৰ দ্বিতীয় খন সৈনিক স্কুল

কাৰ্বি আংলঙৰ মাঞ্জাৰ সমীপৰ লাংৱকুত শীঘ্ৰেই নিৰ্মাণ আৰম্ভ হ’ব ৰাজ্যৰ দ্বিতীয় খন সৈনিক স্কুল।

দ্বিতীয়টো কাৰ্যকাল আৰম্ভ কৰিয়ে মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰ আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে কাৰ্বি আংলঙৰ সৈনিক স্কুল নিৰ্মাণ আৰম্ভ কৰাৰ বাবে তৎপৰ হৈ পৰিছে। নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি পূৰণ কৰাৰ বাবে চৰকাৰ দায়বদ্ধ বুলি মন্তব্য কৰিছে কাৰ্বি আংলঙৰ CEM তুলিৰাম ৰংহাঙে।

ইতিমধ্যে সৈনিক স্কুল নিৰ্মাণ সমিতিৰ অধ্যক্ষ অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা আৰু সৈনিক কল্যাণ বৰ্ডৰ সঞ্চালক সমন্বিতে এটা দলে প্ৰকল্পস্থলী পৰিদৰ্শন কৰিছে।

শনিবাৰে দলটোৱে কাৰ্বি আংলঙৰ CEM তুলিৰাম ৰংহাঙক সাক্ষাৎ কৰি নিৰ্মাণ সম্পৰ্কীয় পৰিকল্পনাৰ বিষয়ে অৱগত কৰে।

CEM ৰংহাঙে সৈনিক স্কুলৰ নিৰ্মাণৰ কাম শীঘ্ৰে আৰম্ভ হ’ব বুলি জানিব দি অহা দুটা বছৰৰ ভিতৰতে ইয়াক ৰাইজক উপহাৰ দিয়া হ’ব বুলি কয়। সৈনিক স্কুল নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৩৭৫ কোটি টকা ধাৰ্য কৰিছে। মন্ত্ৰিত্ব সন্দৰ্ভত CEM তথা ৰংখাঙৰ বিধায়ক তুলিৰাম ৰংহাঙৰ মন্তব্য — দল আৰু মুখ্যমন্ত্ৰীয়ে যি দ্বায়িত্ব অৰ্পণ কৰে,তাক পালন কৰিবলৈ সাজু আছোঁ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments