আলফা স্বাধীনৰ নামত ধনদাবী! ধন যোগানৰ অভিযোগত মাকুম আৰক্ষীৰ জালত দুই যুৱক
মাকুম আৰক্ষীৰ জালত পৰিছে বাৰেকুৰিৰ বিক্ৰম চুতীয়া আৰু ডিব্ৰুগড়ৰ লেঙেৰীৰ নেত্ৰজ্যোতি গগৈ।
আৰক্ষীৰ অভিযোগ অনুসৰি, দীৰ্ঘদিন ধৰি আলফা স্বাধীনৰ নামত ধন সংগ্ৰহ আৰু ধন যোগান ধৰাৰ সৈতে দুই যুৱক জড়িত আছিল।
ইতিমধ্যে দুয়োকে গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱা হৈছে।
অধিক তথ্য উদঘাটনৰ বাবে তদন্তকাৰী আৰক্ষীয়ে দুয়োকে আৰক্ষীৰ জিম্মাত বিচাৰি আদালতত আবেদন জনাব বুলি জানিব পৰা গৈছে।
