অৱশেষত অন্ত পৰিল জল্পনা-কল্পনাৰ। আজি প্ৰকাশ পালে ডঃ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ ১২জনীয়া তালিকা। মন্ত্ৰিত্ব পালে অশ্বিনী ৰায় সৰকাৰ, বিমল বড়া, অশোক সিংহল, বিশ্বজিৎ দৈমাৰী, জয়ন্ত মল্লবৰুৱা, কৌশিক ৰায়, কেশৱ মহন্ত, কৃষ্ণেন্দু পাল, নীলিমা দেৱী, পীযূষ হাজৰিকা, ডাঃ ৰণোজ পেগু, সুশান্ত বৰগোহাঁয়ে।
এইবাৰৰ হিমন্ত বিশ্ব শর্মা মন্ত্ৰীসভাত স্থান পালে ৫গৰাকী নতুন মন্ত্ৰীয়ে। নতুনকৈ মন্ত্ৰীসভাত স্থান পালে ৰামেশ্বৰ তেলী, চৰণ বড়ো, নীলিমা দেৱী, সুশান্ত বৰগোহাঁই, অশ্বিনী ৰায় সৰকাৰে। আৰু পূৰ্বৰ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে এইবাৰ মন্ত্ৰীসভাত স্থান পালে।
এইবাৰ মন্ত্ৰীসভাৰ পৰা বাদ পৰিল টিহুৰ বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালা
ইফালে টিকট বঞ্চিত হৈ বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিছিল নন্দিতা গাৰ্লোচাই। আনফালে পূৰ্ব চৰকাৰৰ মন্ত্ৰী যোগেন মহন ৰাজ্যসভালৈ নিৰ্বাচিত হৈছে। ইয়াৰে লগতে এইবাৰ UPPLৰ সৈতে মিত্ৰতা ভংগ কৰিছিল BJPএ, সেয়ে UPPL উৰ্খাও গৌড়া ব্ৰহ্মৰো মন্ত্ৰিত্ব কটা গ’ল।
