Monday, June 1, 2026
Homeঅসমবৰপেটাৰ মাজদিয়াৰ সাংস্কৃতিক কৰ্মী ইলিয়াছ ৰহমানৰ অকাল বিয়োগ

বৰপেটাৰ মাজদিয়াৰ সাংস্কৃতিক কৰ্মী ইলিয়াছ ৰহমানৰ অকাল বিয়োগ

সৰ্থেবাৰী, তফিকুৰ ৰহমান:কালি পুৱতি নিশা এক পথ দুৰ্ঘটনাত নিহত হোৱা বৰপেটা জিলাৰ সৰ্থেবাৰী থানাৰ অন্তৰ্গত মাজদিয়া গাঁৱৰ প্ৰতিভাসম্পন্ন যুৱক তথা সাংস্কৃতিক কৰ্মী ইলিয়াছ ৰহমান(জেক ইৰফান)ৰ আজি পুৱা ৯ বজাত সহস্ৰাধিক লোকৰ উপস্থিতিত স্থানীয় কবৰস্থানত জানাজা নামাজ সম্পন্ন কৰা হয়। বৰপেটা জিলাৰ মাজদিয়া গাঁৱৰ অৱসৰপ্ৰাপ্ত গ্ৰামসেৱক হবিবৰ ৰহমান আৰু নাজমা ৰহমানৰ কনিষ্ঠ পুত্ৰ ইলিয়াছ ৰহমানে (২৪) সাংস্কৃতিক জগতখনত খোজ পেলাই খুব কম সময়তে অসমৰ কেইবাগৰাকীও জনপ্ৰিয় গায়কৰ সান্নিধ্য লাভ কৰি নিজৰ কৰ্মক্ষেত্ৰত আগুৱাই যাবলৈ সক্ষম হৈছিল। ডিজিটেল মিউজিক ডিষ্ট্ৰীবিউটৰ হিচাপে কাম কৰা ইলিয়াছে আনকি অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰো সান্নিধ্য লাভ কৰিছিল।

উল্লেখ্য যে যোৱা ১০ মে’ত ধেমাজিৰ মৰিধলৰ ২ নং লক্ষীপথাৰ কৈৱৰ্ত গাঁৱত অনুষ্ঠিত হ’বলগীয়া নীল বিকাশৰ সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ এদিন পূৰ্বে ইলিয়াছে গুৱাহাটীৰ পৰা নৈশ বাছেৰে গৈ ধেমাজিত উপস্থিত হৈছিল। ১০ মে’ৰ পুৱতি নিশা গায়ক নীল বিকাশে ইলিয়াছক লগত লৈ চাৰিচকীয়া বেলেনো বাহনেৰে ধেমাজিৰ পৰা লক্ষীমপুৰলৈ আহিছিল তিনিগৰাকী বাদ্যযন্ত্ৰী নিবলৈ। লক্ষীমপুৰত কণ্ঠশিল্পী পাপৰি গগৈৰ স’তে ৯ মে’ৰ নিশা বাদ্যসংগত কৰা তিনিগৰাকী বাদ্যযন্ত্ৰীক নিবলৈ অহাৰ সময়ত কালি পুৱা প্ৰায় ৪ মান বজাত লক্ষীমপুৰ জিলাৰ বগীনদী থানাৰ অন্তৰ্গত কাকৈৰ দলঙৰ সমীপত ইলিয়াছহঁতৰ চাৰিচকীয়া বেলেনো বাহনখনৰ স’তে এখন এল্টো বাহনৰ মুখামুখি সংঘৰ্ষ হৈ দুয়োখন বাহন দ’ খাৱৈত পৰি যায়। দুৰ্ঘটনাটো ইমানেই ভয়াবহ আছিল যে থিতাতেই ইলিয়াছ ৰহমানৰ মৃত্যু হয়। এল্টো বাহনখনত থকা যুৱক চাৰিজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত লগে লগে বগীনদী থানাৰ আৰক্ষী উপস্থিত হৈ ইলিয়াছ ৰহমানৰ মৃতদেহ উদ্ধাৰ কৰি লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিতালয়লৈ প্ৰেৰণ কৰে।

আনহাতে আহত নীল বিকাশকো আৰক্ষীয়ে চিকিৎসালয়ত ভৰ্তি কৰায়। লক্ষীমপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক গুণেন্দ্ৰ ডেকা, জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ) লৱ কুমাৰ দাস, লক্ষীমপুৰৰ জ্যেষ্ঠ সাংবাদিক বুবুল হাজৰিকাৰ তৎপৰতাত আৰক্ষী আৰু লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ চিকিৎসক আৰু কৰ্মচাৰীয়ে ইলিয়াছ ৰহমানৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ যাৱতীয় ব্যৱস্থা সুচাৰুৰূপে সম্পন্ন কৰি মৃতদেহ পৰিয়ালক চমজাই দিয়াত তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰে ইলিয়াছ ৰহমানৰ পৰিয়ালৰ লোকে। উল্লেখ্য যে জনপ্ৰিয় কণ্ঠশিল্পী তৰুণ তন্ময়ৰ খুলশালীয়েক আছিল ইলিয়াছ ৰহমান। ইলিয়াছ ৰহমানৰ অকাল বিয়োগত মাজদিয়া অঞ্চলত শোকৰ ছাঁ পৰিছে। ইলিয়াছৰ মৃত্যুত পৰিয়াটোৰ মূৰত যেন সৰগ ভাঙি পৰিছে, আত্মীয়-স্বজন শোকত বিহ্বল হৈ পৰিছে।

সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰ, সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ উপদেষ্টা কামৰুজ জামান, বিৰিণা গোষ্ঠী, অসমৰ সভাপতি সম্পাদক ক্ৰমে জিয়াউৰ ৰহমান আৰু বনজিৎ বৈশ্য, মাজদিয়া পুৰাণপাড়া বড় জামে মছজিদ পৰিচালনা সমিতিৰ সভাপতি অৱসৰপ্ৰাপ্ত শিক্ষক আলহাজ ইদ্ৰিছ আলী, মাজদিয়া-গৰেমাৰী নতুন পাড়া জামে মছজিদ পৰিচালনা সমিতিৰ সভাপতি অধিবক্তা আনোৱাৰ হুছেইন, সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ বৰপেটা জিলা সমিতিৰ সভাপতি মৌচম নাজিম, চেঙা ঐক্য সন্মিলনৰ সম্পাদক চিন্ময় ডেকা, চেঙা বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক আব্দুৰ ৰহিম আহমেদ, কংগ্ৰেছৰ নেতা চলমান খান, বৰপেটা জিলা পৰিষদৰ প্ৰাক্তন সদস্য বাবুল আলী, ১৯ নং হৰিপুৰ জিলা পৰিষদৰ সদস্য হাইদৰ আলী আহমেদ, মাজদিয়া গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যা আৰবিন চুলতানাকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান তথা ব্যক্তি বিশেষে ইলিয়াছৰ মৃত্যুত শোক প্ৰকাশ কৰি মৃতকৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments