Monday, June 1, 2026
Homeঅসমনতুন মন্ত্ৰীসভা গঠনক লৈ ডাঙৰ মন্তব্য ডঃ হিমন্ত বিশ্ব শর্মাৰ

নতুন মন্ত্ৰীসভা গঠনক লৈ ডাঙৰ মন্তব্য ডঃ হিমন্ত বিশ্ব শর্মাৰ

কাইলৈ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰূপে শপত ল’ব ডঃ হিমন্ত বিশ্ব শর্মাই। ডঃ হিমন্ত বিশ্ব শর্মাৰ শপত গ্ৰহণ অনুষ্ঠানত অংশ ল’ব প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীকে ধৰি দেশৰ একাধিক ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে।মুখ্যমন্ত্ৰীৰূপে হিমন্ত বিশ্ব শর্মাৰ দ্বিতীয় কাৰ্যকালত কোনে-কোনে লাভ কৰিব মন্ত্ৰিত্ব? মন্ত্ৰীসভাত এইবাৰৰ কাক কাক স্থান প্ৰদান কৰিব হিমন্ত বিশ্ব শর্মাই?

হিমন্ত বিশ্ব শর্মাই কয় যে ‘‘আজি নিশা ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন গুৱাহাটী উপস্থিত হ’ব। নিশা ১০বজাৰ পাছতহে মই মন্ত্ৰীসভা সম্পৰ্কত তেওঁৰ লগত আলোচনা কৰিম। ম’বাইল ফোনত মন্ত্ৰীসভা সম্পৰ্কত আলোচনা কৰিব নোৱাৰি। যিসকলে মন্ত্ৰিত্ব পাব তেওঁলোকে কাইলৈ পুৱা ৭ বজাৰ পিছতহে গম পাব।’’‘‘মন্ত্ৰিত্বৰ তালিকা এতিয়ালৈকে প্ৰকাশ হোৱা নাই। নীতিন নবীনক বিমানবন্দৰৰ পৰা আগুৱাই আনিবলৈ যাওঁতে মন্ত্ৰীৰ তালিকাৰ কথা আলোচনা কৰা হ’ব। বিমান বন্দৰৰ পৰাৰ নীতিন নবীনৰ সৈতে ৰেডিশ্বন পোৱালৈকে মন্ত্ৰীসভা আলোচনা হৈ যাব।’’

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে শপতগ্ৰহণ দিনৰ ১১বজাত অনুষ্ঠিত হ’ব। ২২খন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰী শপতগ্ৰহণ অনুষ্ঠানত অংশ ল’বলৈ আহিব। শপতগ্ৰহণ অনুষ্ঠানত কেইবাখনো দেশৰ ৰাষ্ট্ৰদূত উপস্থিত থাকিব লগতে সত্ৰাধিকাৰসকল উপস্থিত থাকিব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments