Monday, October 26, 2026
Homeঅসমজাগুনত ভয়ঙ্কৰ পথ দুৰ্ঘটনা

জাগুনত ভয়ঙ্কৰ পথ দুৰ্ঘটনা

জাগুনৰ পৰা শ্যাম যাধৱৰ ৰিপৰ্ট: জাগুনত দেওবাৰে নিশা ভয়ঙ্কৰ পথ দুৰ্ঘটনা। বিলাসী বাহন আৰু বাইকৰ মুখামুখি মুখামুখি সংঘৰ্ষ। প্ৰত্যক্ষদৰ্শীৰ মতে দেওবাৰৰ মাজনিশা সংঘটিত হোৱা এই ভয়ংকৰ পথ দুৰ্ঘটনাটোত থিতাতে মৃত্যু দুই বাইক আৰোহীৰ আৰু এজনক সংকটজনক অৱস্থাত তৎকালীন চিকিৎসাৰ বাবে চাবুৱাৰ চেণ্টছ লোক হস্পিতালত ভৰ্তি কৰোৱা হয়। উল্লেখ্য যে, দুৰ্ঘটনাত পতিত হোৱা বাইকখনত তিনিজন যুৱক উঠি আহিছিল। ইয়াৰে অভিনাশ থাপা (২১) আৰু চাহিল ৰাই (২২) নামৰ যুৱকদ্বয় থিতাতে মৃত্যু হোৱাৰ বিপৰীতে নিৰঞ্জন থাপা (২৬) বৰ্তমানে চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি এক নিৰ্ভৰযোগ্য সূত্ৰে জানিব পৰা গৈছে। অন্যহাতে বিলাসী বাহনখনৰ চালক লমৱাং ইউংকুক (Lomwang Youngkuk)’ও আঘাত প্ৰাপ্ত হয় মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আছে বুলি তথ্য পোৱা গৈছে। দুৰ্ঘটনাত পতিত হোৱা বাহনখনৰ নম্বৰ AS23AF-4450 আৰু বাইক খনৰ নম্বৰ হৈছে AS23Z-8296 আৰু ঘটনা সংঘটিত হোৱা স্থান হৈছে ন-মাইল বিষ্ণুপুৰ বিষ্ণু মন্দিৰৰ সমীপৰ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত। এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত বৰ্তমানে জাগুন আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments