Monday, June 1, 2026
Homeঅসমকমাৰগাঁৱত কৃত্ৰিম বানৰ আতংক

কমাৰগাঁৱত কৃত্ৰিম বানৰ আতংক

এজাক বৰষুণতেই বুৰে ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অংশ, HCC-ৰ অৱহেলাক দায়ী কৰিলে ৰাইজে

এজাক ধাৰাসাৰ বৰষুণেই যেন কমাৰগাঁৱৰ ৰাইজৰ বাবে দুৰ্ভোগৰ কাৰণ হৈ পৰিছে। ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ পথত পুনৰ সৃষ্টি হৈছে কৃত্ৰিম বান পৰিস্থিতি। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থা HCC-ৰ অবৈজ্ঞানিক আৰু ত্ৰুটিপূৰ্ণ নিৰ্মাণ কাৰ্যৰ ফলতেই সামান্য বৰষুণত পথটো পানীৰ তলত ডুব যায়।

আজি পুৱা হোৱা ধাৰাসাৰ বৰষুণৰ পিছতেই ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ একাংশ সম্পূৰ্ণ পানীত বুৰ যোৱাত যাতায়াত ব্যৱস্থা বিপৰ্যস্ত হৈ পৰে। পথটোৰ ওপৰেৰে অহা-যোৱা কৰা যানবাহন, দুচকীয়া চালক আৰু পথচাৰীয়ে চূড়ান্ত সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। বহু ঠাইত জমা হোৱা পানীৰ বাবে সৃষ্টি হয় যানজটৰো।

স্থানীয় ৰাইজে অভিযোগ কৰে যে, ঘাইপথ নিৰ্মাণৰ সময়ত নলা-নৰ্দমা বিজ্ঞানসন্মতভাৱে নিৰ্মাণ নকৰাৰ ফলতেই বৰষুণৰ পানী নিষ্কাশনৰ সঠিক ব্যৱস্থা নোহোৱাত এই কৃত্ৰিম বান পৰিস্থিতিৰ সৃষ্টি হৈছে। কোটি কোটি টকাৰ প্ৰকল্প ৰূপায়ণৰ পিছতো যদি সামান্য বৰষুণতেই পথ পানীত বুৰ যায়, তেন্তে নিৰ্মাণকাৰী সংস্থাৰ কামৰ মানদণ্ডক লৈ স্বাভাৱিকতেই প্ৰশ্ন উত্থাপন হৈছে বুলি মন্তব্য কৰে সচেতন মহলে।

ৰাইজৰ দাবী, অতি শীঘ্ৰে পথটোৰ নলা-নৰ্দমা আৰু পানী নিষ্কাশন ব্যৱস্থা পুনৰ বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰি সমস্যাটোৰ স্থায়ী সমাধান কৰিব লাগে। অন্যথা আগন্তুক বৰষুণৰ বতৰত পৰিস্থিতি আৰু ভয়াবহ হোৱাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় লোকসকলে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments