Saturday, November 28, 2026
Homeঅসমসতীৰ্থ চালকে দিলে চাঞ্চল্যকৰ বিৱৰণ

সতীৰ্থ চালকে দিলে চাঞ্চল্যকৰ বিৱৰণ

কাজিৰঙাৰ মৰ্মান্তিক দুৰ্ঘটনাই কঁপাই গৈছে দেশ। দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা ২৬জনলৈ বৃদ্ধি পাইছে। মৃত লোকসকলৰ ভিতৰত ১৪ গৰাকী মহিলা, ১১জন পুৰুষ আৰু এটি শিশু আছে। এই দুৰ্ঘটনাত আহত ১৭ গৰাকী লোক বৰ্তমানো JMCHত চিকিৎসাধীন হৈ আছে। চিকিৎসাধীন ৬ গৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

এই দুৰ্ঘটনাত অভিশপ্ত ট্ৰেভেলাৰখনৰ চালক আব্দুল মজিদৰো মৃত্যু হয়। ঘটনাৰ পূৰ্বে কি কৰিছিল আব্দুল মজিদে? কিমান বছৰ ধৰি গাড়ী চলাইছিল আব্দুল মজিদে? এই সন্দৰ্ভত তেওঁৰ সতীৰ্থ চালকে কৰিছে কেতবোৰ চাঞ্চল্যকৰ মন্তব্য।
দুৰ্ঘটনা সংঘটিত হোৱাৰ ১৫ মিনিটৰ পূৰ্বে চালক আব্দুল মজিদৰ লগত বোকাখাটত চাহ-তামোল খাইছিল সতীৰ্থ চালকে। দহ মিনিটৰ পিছতে সংঘটিত হয় সেই ভয়াবহ দুৰ্ঘটনা। সতীৰ্থ এজন চালকে কয়, ‘‘চালক মজিদকাই বহু অভিজ্ঞ চালক। তেওঁ নিশ্চয় উচ্চ ৰক্তচাপত ভুগিছিল বা গাড়ীখনৰ বিসংগতি হ’ব পাৰে।’’
‘‘গাড়ীখনৰ চালকজনৰ বিৰুদ্ধে বহু লোকে অভিযোগ কৰি আছে। কিন্তু তেখেতে গাড়ী চলোৱা বহু বছৰ হ’ল, কোনোদিনে দুৰ্ঘটনা সংঘটিত কৰা নাই। গাড়ীখনৰ যি ফাইন লাগি আছে, তেতিয়া তেওঁ গাড়ী চলোৱা নাছিল। সেই সময়ত যোৰহাটত ফাইন লাগোতে অন্য এজন চালক আছিল। কাজিৰঙাত কিয়নো ৪১ গতিবেগ হ’লে ফাইন লাগি যায়।’’
সতীৰ্থ চালকসকলে কয়, ‘‘কাজিৰঙাত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী গাড়ীত নুঠালে বহু সংগঠনে কাজিয়া কৰে আৰু চালকক মাৰপিট কৰে। সেয়েহে আমি উপায়ন্তৰ হৈ উঠাব লাগে। আনহাতে পৰিবহণ বিষয়াসকলেও দেখে যদিও কোনো ফাইন নাকাটে।’’
উল্লেখযোগ্য যে ট্ৰেভেলাৰ চালক আব্দুল ৰচিদে ৪০ বছৰ ধৰি গাড়ী চলাই আহিছে। তেওঁৰ পুত্ৰই জনোৱা অনুসৰি, কালি তেওঁৰ কোনো ধৰণৰ অসুস্থতা নাছিল। ইয়াৰ পূৰ্বে ৪০৭ চলাওঁতে দুৰ্ঘটনা সংঘটিত হৈছিল।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments